নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীতজ্ঞ এ আৰ ৰেহমানৰ পুনেৰ কনচার্ট: সময় অতিক্রম কৰাৰ বাবে বলপূর্বক কার্যসূচী বন্ধ কৰিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ২ মে’: অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰেহমানৰ পুনেৰ কনচার্টত অঘটন৷ নির্ধাৰিত সময় অতিক্রম কৰাৰ পিছতো সংগীতজ্ঞ ৰেহমানে নিজৰ সংগীত পৰিৱেশন কৰি থকাৰ বাবে পুনেৰ স্থানীয় আৰক্ষীয়ে অনুষ্ঠান বলপূর্বকভাৱে বন্ধ কৰি দিয়ে৷ আৰক্ষীৰ এই কার্যত বিতত হৈ অৱশেষত মঞ্চৰ পৰা নামি যাবলৈ বাধ্য হয় সংগীত পৰিচালক ৰেহমান৷ উল্লেখ্য যে পুনেৰ ৰাজাবাহাদুৰ মিল অঞ্চলত যোৱানিশা ৮ বজাৰ পৰা ১০ বজালৈকে সংগীতজ্ঞ ৰেহমানৰ কনচার্টৰ সময় নির্ধাৰণ কৰি দিয়া আছিল৷ স্থানীয় প্রশাসনৰ পৰা লাভ কৰা অনুমতি অনুসৰি ৰেহমানে নিশা ১০ বজাত সংগীত কার্যসূচীৰ সামৰণি মাৰিব লাগে যদিও ৰেহমানে কার্যসূচী অব্যাহত ৰখাত স্থানীয় জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে মঞ্চত উঠি গৈ বাধা প্রদান কৰে৷ আৰক্ষী বিষয়াজনৰ এই ভিডি’ ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে৷ ভিডি’টোত আৰক্ষী বিষয়াজনে মঞ্চলৈ গৈ সংগীত পৰিৱেশন কার্যসূচী সমাপ্ত কৰিবলৈ নির্দেশ দিয়ে৷ মন কৰিবলগীয়া যে আৰক্ষীয়ে সংগীতজ্ঞ ৰেহমানক তেওঁৰ কার্যসূচী সমাপ্ত কৰিবলৈ নির্দেশ দিয়াৰ পিছতো কার্যসূচী চলাই গৈছিল৷ ইয়াকে লৈ বিতুষ্ট আৰক্ষী বিষয়াজনে অৱশেষত মঞ্চলৈ গৈ কার্যসূচী বন্ধ কৰিবলৈ বাধ্য হ’ল বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷

You might also like