নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগাহাতীত পৰিণত নগাঁও মহাফেজখানা; আগুৰি ধৰিছে জংঘলে: কাণষাৰ নাই কৰ্তৃপক্ষৰ 

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত  নগাঁও চহৰৰ মাজমজিয়াত আটক ধুণীয়াকৈ  নিৰ্মাণ কৰা হৈছিল বহু প্ৰত্যাশিত নগাঁও মহাফেজখানা । স্মৰ্তব্য যে,সেই সময়ত ইতিহাসবিদ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ এক আহ্বানৰ প্ৰতি সঁহাৰি জনাইয়েই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে বহু লাখ টকা ব্যয় সাপেক্ষে নগাঁও মহাফেজখানাটো নিৰ্মাণ কৰা হৈছিল। বিগত ২০১০চনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ইয়াৰ দ্বাৰ উন্মোচন কৰা হৈছিল।দুমহলীয়া মহাফেজখানাৰ নৱ নিৰ্মিত ভৱনটো  উদ্ধোধন কৰিছিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে। এই মহাফেজখানাটোকলৈ নগঞা ৰাইজে বহু আশা কৰিছিল।ৰাইজে ভাৱিছিল ইয়াতেই জিলা খনৰ ইতিহাস জমা থাকিব,সকলো চৰকাৰী-বেচৰকাৰী নথি মজুত থাকিব।কিন্তু এই মহাফেজখানাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ চৰম অৱহেলাত বগাহাতীতহে পৰিণত হ’ল।খৰতকীয়াকৈ নগাঁও মহাফেজখানাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলি ইয়াৰ দ্বাৰ উন্মোচন কৰি হ’ল যদিও এই মহাফেজখানাই নগঞা ৰাইজৰ প্ৰত্যাশা পূৰণ কৰিব নৱাৰিলে।ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ চহকী ইতিহাসৰ ভঁৰাল হ’ব নোৱাৰিলে। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়কে প্ৰমুখ্যে কৰি জিলা খনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ আপুৰুগীয়া তথ্য সমূহো সংৰক্ষণ কৰা নহ’ল নগাঁও মহাফেজখানাত।অতি দুৰ্ভাগ্যজনক ভাৱে নগাঁও মহাফেজখানা ভৱনটো উদ্বোধন কৰাৰ পাছত বিগত ২০১৩ চনত নগাঁও জিলা পৰিষদৰ কাৰ্যালয়টো ইয়ালৈ স্থানান্তৰ কৰা হয়।২০১৩চনৰ পৰা পৰা ২০১৬ চনৰ জানুৱাৰী মাহ পৰ্যন্ত  নগাঁও মহাফেজখানাৰ ভৱনটোকেই  অস্থায়ী কাৰ্যালয় ৰূপে ব্যৱহাৰ কৰিছিল নগাঁও জিলা পৰিষদে।সুদীৰ্ঘ তিনি বছৰৰো আধিক কাল নগাঁও মহাফেজখানাকেই নগাঁও জিলা পৰিষদৰ কাৰ্যালয় ৰূপে ব্যৱহাৰ কৰা হয়।পৰৱৰ্তী সময়ত  ২০১৬চনৰ জানুৱাৰীত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নগাঁও জিলা পৰিষদৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ পাছত মহাফেজখানাৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়টো স্থানান্তৰ কৰা হয়।কিন্তু ইয়াৰ পাছতেই ইয়াত গঢ়ি উঠে এন আৰ চি সেৱা কেন্দ্ৰ।এন আৰ চি ৰ শুণানিলৈকে ইয়াত এন আৰ চিৰ যাৱতীয় কাম কাজ চলাই থকা হয়।এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাইজে আশা কৰিছিল নগাঁও মহাফেজখানাই নতুন ৰূপ ল’ব বুলি। কিন্তু ৰাইজৰ আশাত চেচাপানী ঢালি তাৰ গেটত লগাই দিয়া হয় তলা।নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নাজীৰ শাখাৰ অধীণস্থ নগাঁও মহাফেজখানাৰ চৌহদটো সম্প্ৰতি  জংঘলে ছাণি ধৰিছে। অতি কদৰ্যময় হৈ পৰিছে ইয়াৰ চৌহদ।নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত অৱস্থিত নগাঁও মহাফেজখানাৰ পৰিত্যক্ত, কদৰ্যময় অৱস্থাটোৰ সন্দৰ্ভত নগাঁও জিলা উপায়ুক্ত জনে সম্পূৰ্ণ উদাসীন ভূমিকাহে অৱলম্বন কৰি অহা বুলি ৰাইজে অভিযোগ তুলিছে।ইপিনে, নগাঁও মহাফেজখানাৰ সাম্প্ৰতিক অৱস্থাটোৰ সন্দৰ্ভত জিলা খনৰ সাংসদ,বিধায়ক সকল, বিভিন্ন দল সংগঠনৰ ভূমিকাও অতি নেতিবাচক।
You might also like