নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাৰ বৰলীয়াৰপাৰত ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ, নিহত১

নিয়মীয়া বাৰ্তা,   ১০ অক্টোবৰ : মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াৰপাৰত দিনৰ প্ৰায় ১২ মান বজাত এখন ট্ৰাক আৰু স্কুটীৰ মাজত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী কিশোৰ ঠিতাতে নিহত  হয়। হাজো দৌলাশাল পথৰ বৰলিয়াৰপাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত কিশোৰ গৰাকীৰ নাম ৰক্তিম দাস(১২)।ঘটনাৰ বিৱৰণী অনুসৰি এ এছ ০১ বি ডি ৬৯৪৫ নম্বৰৰ স্কুটিখনত মাতৃ আৰু পুত্ৰ ৰক্তিমে গুৱাহাটীৰ পৰা চেঙা অভিমুখে আহি আছিল।সেই সময়তে বৰপেটাৰ দিশৰ পৰা আহি থকা এএছডিডি ০৪৬৮ নম্বৰৰ ট্ৰাকখনে স্কুটীখনক খুন্দিওৱাৰ ফলত স্কুটীসহ দুয়োগৰাকী চালক আৰু আৰোহী মাটিত পৰি যায়।ৰক্তিমৰ মাতৃয়ে চলোৱা স্কুটিখনত দুয়োগৰাকীৰ মূৰত হেলমেট আছিল যদিও দুৰ্ঘটনাটোত ৰক্তিমৰ ঠিতাতে মৃত্যু হয়।লগতে আহত হয় স্কুটীখনৰ চালক দময়ন্তী দাস নামৰ মহিলা গৰাকী। পিছত স্হানীয় লোকে আঘাটপ্ৰাপ্ত দময়ন্তীক মুকালমুৱা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱাই ।আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক গৰাকীয়ে লগে লগে ঘটনাস্হলিৰ পৰা পলায়ন কৰে।ঘটনা সন্দৰ্ভত মুকালমুৱাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

প্ৰদীপ কুমাৰ কলিতা, মুকালমুৱা। 

You might also like