নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রহসনত পৰিণত জিএমচিৰ যানশাল বিভাগঃ পৌৰ নিগমৰ ৫৪২ বাহনৰ ৩৭৮খনেই বিকল

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: মহানগৰীৰ সর্বাংগীণ উন্নয়নৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগম চমুকৈ জিএমচিৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাত স্থবিৰ হৈ পৰিছে উন্নয়ন৷ পৌৰ নিগমৰ এটা গুৰুত্বপূর্ণ বিভাগ হ’ল যানশাল বিভাগ৷ মহানগৰীৰ জাবৰ–জোঁথৰ, নলা–নর্দমাৰ আৱর্জনা নিষ্কাশনৰ বাবে ব্যৱহাৰ কৰা বাহনসমূহ যানশাল বিভাগৰ অধীনত চলাচল কৰে৷ যানশাল বিভাগত কর্মৰত বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাত এতিয়া বিভাগটো প্রহসনত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ যানশাল বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বিভিন্ন পথ–উপপথত প্রতিদিনে আৱর্জনাৰ দ’ম বান্ধে৷ আৱর্জনা নিষ্কাশনৰ বাবে ব্যৱহাৰ কৰা বাহনসমূহ বিভাগীয় বিষয়াৰ হেমাহিত জহি–খহি যোৱাৰ উপক্রম ঘটিছে৷

যানশাল বিভাগৰ অধীনত সর্বমুঠ ৫৪২খন বিভিন্ন বাহন আছে৷ ইয়াৰ ভিতৰত মাত্র ১৬৪খন বাহনহে এতিয়া মহানগৰীৰ ৰাজপথত বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰাৰ উপযোগী হৈ আছে৷ ২৯২খন বাহন মেৰামতি কৰাৰ নামত পেলাই থৈছে পৌৰ নিগম কর্তৃপক্ষই৷ বিকল হৈ থকা ৮৬খন বাহন পৌৰ নিগমে নিলাম কৰাৰ যো–জা চলাইছে৷ প্রাপ্ত তথ্য অনুসৰি, যানশাল বিভাগৰ অধীনত ৩৫খন এক্সকেভেটৰ আছে যদিও ৯খনহে কার্যক্ষম হৈ আছে৷ মিনি স্কিড ষ্ট্রীৰ লোডাৰ ২৫খনৰ ভিতৰত মাত্র ৮খন কার্যক্ষম হৈ আছে৷ ৫৬খন ডাম্পাৰৰ ভিতৰত ৯খনহে কার্যক্ষম৷ ৪৬খন গার্বেজ কম্পেক্টৰৰ ১৫খন, ৩৭৬খন অট’টিপাৰৰ ভিতৰত ১২০খন কার্যক্ষম হৈ আছে৷ শেহতীয়াকৈ প্রায় ১১ কোটি টকা ব্যয়েৰে পৌৰ নিগমে ঘৰে ঘৰে আৱর্জনা সংগ্রহৰ বাবে ৩৭৬খন অট’টিপাৰ ক্রয় কৰিছিল৷ এই অট’টিপাৰ আৱর্জনা সংগ্রহৰ দায়িত্বত থকা ৯০টা এন জি অ’ক প্রদান কৰা হৈছিল৷ এবছৰ নৌহওঁতেই ২২৮খন অট’টিপাৰ বিকল হৈ পৰে৷ কার্যক্ষম হৈ থকা ১২০খন অট’টিপাৰেৰে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহ কৰি আহিছে৷

বিকল ২৮খন অট’টিপাৰ নিলামৰ বাবে যো–জা কৰিছে পৌৰ নিগমে৷ মহানগৰীত আৱর্জনা সংগ্রহৰ বাবে ক্রয় কৰা অট’টিপাৰসমূহৰ অধিকাংশই এতিয়া হাজোৰ গাঁৱে–ভূঞে চলাচল কৰি থকা পৰিলক্ষিত হৈছে৷ জিএমচিৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে শ্রমিক যোগান ধৰাৰ নামত বেংক বিষয়াক হত্যাৰ অভিযোগত অভিযুক্ত ছাদ্দাম হুছেইন ওৰফে পুতুল আলীয়ে শ্রমিক কঢ়িয়াবলৈ অট’টিপাৰ বাহনসমূহ ব্যৱহাৰ কৰি আহিছে৷ জিএমচিৰ দুর্নীতিগ্রস্ত অভিযন্তাই লুণ্ঠনৰ স্বার্থত হত্যাত অভিযুক্ত ছাদ্দামক ঠিকা প্রদান কৰি জাবৰ কঢ়িয়াবলৈ অনা অট’টিপাৰ শ্রমিক অনা–নিয়াত ব্যৱহাৰ কৰি আহিছে৷ আৱর্জনা কঢ়িয়াবলৈ ক্রয় কৰা অট’টিপাৰৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব৷

You might also like