নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ গৰেহাগি আদৰ্শ নামঘৰ আৰু পানী ভঁৰালৰ বিষ্ণু মন্দিৰত চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ পুনৰ ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰ ঘটনা । বুধবাৰে নিশা বিশ্বনাথৰ গৰেহাগী গাঁৱৰ বৰ নামঘৰত সিংহাসনৰ দুৱাৰৰ তলা ভাঙি চুৰে লৈ যায় সোনৰ ৫ পাত ফুলি, ৰূপৰ ডাঙৰ সৰু মিলাই ১২০ পাহ ফুলি, অচল ৩০ পাহ। লগতে দানপাত্ৰৰ তলা ভাঙি লৈ যায় আনুমানিক নগদ পাচ হাজাৰমান টকা আৰু বৰতাল তিনিযোৰ।

আনফালে একে নিশা বিশ্বনাথৰ পানী ভৰাল গাঁৱৰ ৰাধা কৃষ্ণ প্ৰনামী মন্দিৰতো চুৰে চলালে উপদ্ৰপ। মন্দিৰটোৰ মূল দুৱাৰৰ তলা ভাঙি চুৰে লৈ যায় বহু লক্ষ্য টকাৰ আ-অলংকাৰৰ লগতে দান পাত্ৰ আৰু বহু মূল্যবান সা-সামগ্ৰী।

ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ।

You might also like