নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ শালমাৰা মহকুমাত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আজি অভয়াপুৰী মহাবিদ্যালয়ৰ সভাকক্ষত সৃজনগ্ৰাম চক্ৰ ভিত্তিত  জৰুৰীকালীন ব্যৱস্থাপনাৰ অনুশীলনৰ  উদ্বোধনী  অনুষ্ঠান  অনুষ্ঠিত হয়। প্ৰাকৃতিক  দুৰ্যোগ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুশীলন । উত্তৰ শালমাৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে,  অনুশীলনৰ উদ্বোধনী  অনুষ্ঠানত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি চিমী কৰণ, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, সৃজনগ্ৰাম চক্ৰ বিষয়া,সহকাৰী আয়ুক্ত, আৰক্ষী বিষয়া, এন.ডি.আৰ.এফ., এছ.ডি.আৰ.এফ., এন চি চি , শিক্ষক, অংগনবাড়ী কৰ্মী, গাঁওৰক্ষী বাহিনী আৰু বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়া তথা কৰ্মচাৰী সকল উপস্থিত থাকে ।উক্ত অনুষ্ঠানত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি চিমী কৰণে ভাষণ প্ৰসংগত কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে দুৰ্যোগৰ প্ৰস্তুতি পৰীক্ষা কৰা আৰু জিলাখনৰ সম্পদ আৰু যোগাযোগ ব্যৱস্থাৰ ব্যৱধান বিচাৰি উলিওৱাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আমি দুৰ্যোগৰ সৈতে মোকাবিলা কৰা। মহকুমাধিপতি গৰাকীয়ে  আৰু কয় যে যিকোনো দুৰ্যোগৰ সময়ত সঠিক সমন্বয়, সিদ্ধান্ত গ্ৰহণ, তৎকালীন সঁহাৰিয়ে জীৱনৰ সুৰক্ষাৰ দিশত সহায় কৰে। অহা ১৬ আৰু ১৭ তাৰিখে উক্ত  প্ৰশিক্ষণ শিবিৰত সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকলক সঁহাৰি আৰু পৰিচালনা, সাহায্য শিবিৰৰ বাবে সমন্বয়, মৌলিক অনুসন্ধান আৰু উদ্ধাৰ, বিদ্যালয়ৰ দুৰ্যোগৰ বাবে প্ৰস্তুতি, জৰুৰীকালীন অৱস্থাত পানী আৰু অনাময় আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হব। অহা ১৮ মাৰ্চ  তাৰিখে দুমাৰগুৰি হাইস্কুলত বানপানীৰ দৰে পৰিস্থিতিৰ বিৰুদ্ধে প্ৰস্তুতিৰ অংশ হিচাপে মক ড্ৰিল অনুষ্ঠিত কৰিব বুলি জনা গৈছে  ।

You might also like