নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৰ্থ আৰক্ষীঃ মাৰ্ঘেৰিটাত আলুবাৰীত কিশোৰী সন্ধানহীন

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ এগৰাকী কিশোৰী সন্ধানহীন খবৰে মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে চাঞ্চল্য। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ২নং আলুবাৰীৰ পৰা কিশোৰী সন্ধানহীন। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰী স্বপন দেৱনাথৰ কণ্যা তপ্তি দেৱনাথা (১৫) যোৱা বুধবাৰ পৰা ঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাৰ পৰাই সন্ধানহীন হয়। ইতিমধ্যেই পৰিয়ালৰ তৰফৰ পৰা মাৰ্ঘেৰিটা আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি মাৰ্ঘেৰিটা মহকুমা সন্মিলিত নাৰী মঞ্চৰ তৰফৰ সংবাদমাধ্যমৰ জৰিয়তে কিশোৰী গৰাকীৰ উদ্ধাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে। তপ্তিৰ দুখীয়া পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানতে খবৰ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ নকৰাৰ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। তপ্তিৰ কোনো ধৰণৰ শুংসূত্ৰ যদি কোনো লোকে লাভ কৰে তেনেক্ষেত্ৰত মোবাইল নং ৮৮২২৩৩২২৪৫ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াল তথা সন্মিলিত নাৰী মঞ্চৰ বিষয়ববীয়া সকলে। অন্যহাতে মাৰ্ঘেৰিটা আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সন্মিলিত নাৰী মঞ্চ। আৰক্ষীয়ে কিশোৰী গৰাকী খবৰ দিয়াত তৎপৰতা লক্ষণীয় হ’ব বুলি উল্লেখ কৰিছে নাৰী মঞ্চৰ প্ৰতিনিধিয়ে।

You might also like