নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ প্রাক্ক্ষণত DGP ৰ বিস্ফোৰণঃ অসমত শত্রু ৰাষ্ট্রৰ চকু; পূজাত ভয়ংকৰ কূটাঘাতৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: শাৰদীয় দুর্গাপূজাক লৈ ৰাজ্যবাসীৰ মাজত আৰম্ভ হোৱা উৎসৱমুখৰ পৰিৱেশৰ মাজতে কূটাঘাতকাৰীৰ ভয়ংকৰ আক্রমণৰ সম্ভাৱনা ব্যক্ত কৰিলে আৰক্ষীয়ে৷ দুর্গাপূজাৰ সময়ছোৱাত যিকোনো কূটাঘাতৰ বাবে আগতীয়াকৈ সতর্ক হৈ থাকিবলৈ শনিবাৰে সাধাৰণ ৰাইজক স্পষ্ট কৰি দিয়ে অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই৷

পূজাৰ প্রাক্ক্ষণত অসম আৰক্ষীৰ শীর্ষ বিষয়াজনৰ বিস্ফোৰক মন্তব্য– অসম এক জটিল সন্ধিক্ষণত আছে৷ আমাৰ হাতত কিছু খবৰ আছে৷ যিসমূহ তথ্যক লৈ আৰক্ষী সতর্ক হৈ আছে৷ দুর্গাপূজাৰ প্রাক্ক্ষণত ৰাজ্যবাসীক সাৱধান বাণীৰে চোৰাংচোৱাৰ উদ্ধৃতি দি সঞ্চালকপ্রধানজনে ইয়াকো কয়– শত্রু ৰাষ্ট্রৰ কুদৃষ্টি অসমত পৰি আছে৷ ৰাজ্যখনত যদিহে কোনো কূটাঘাত অথবা শত্রু ৰাষ্ট্রই চক্রান্ত কৰে, তাক প্রতিৰোধ কৰিবলৈ অসম আৰক্ষী সষ্টম হৈ আছে৷ সেয়েহে এই সময়ছোৱাত ৰাজ্যবাসী সতর্ক হৈ থকাটো প্রয়োজন৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱা হেতুকে এইবাৰ শাৰদীয় উৎসৱ পালনৰ বাবে সাজু হৈছে ৰাজ্যবাসী৷ ক’ভিড বিধিৰ মাজেৰে পালন কৰিবলৈ ওলোৱা এই দুর্গাপূজাৰ প্রাক্ক্ষণত আৰক্ষীৰ শীর্ষ বিষয়াজনে দিয়া এনে সতর্কবাণীয়ে স্বাভাৱিকতে সাধাৰণ ৰাইজৰ মাজত যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ দুর্গাপূজাৰ পাছতে আহি থকা উৎসৱসমূহতো কূটাঘাতৰ শংকা দৃঢ় হৈ আছে বুলিও চোৰাংচোৱাৰ উদ্ধৃতি দি তেওঁ কয় যে এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্রতিটো দিশতে সতর্ক হৈ থাকিব লাগিব৷ যিকোনো কূটাঘাত প্রতিহত কৰাৰ বাবে আৰক্ষীয়ে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে৷

তদুপৰি পূজাসমূহ পৰিচালনা কৰাৰ বাবে পূজা কমিটীক ইতিমধ্যে প্রদান কৰা হৈছে নির্দিষ্ট গাইড লাইন৷ ক’ভিড বিধিৰ লগতে সতর্কতা বিষয়সমূহো ইতিমধ্যে জনাই দিয়া হৈছে পূজা কমিটীক৷ মন কৰিবলগীয়া যে সম্ভাব্য কূটাঘাতৰ সম্ভাৱনাক লৈয়ে আৰক্ষী সঞ্চালকপ্রধানে শেহতীয়াকৈ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে এক আলোচনাত মিলিত হৈছিল৷ এই বৈঠকতে সম্ভাব্য কূটাঘাত প্রতিহত কৰাৰ বাবে প্রতিখন জিলাত কেনেধৰণৰ ব্যৱস্থাৱলী গঢ়ি তোলা হ’ব, সেই সন্দর্ভত প্রস্তুত কৰা হৈছে বিশেষ ৰণকৌশল৷ সমান্তৰালভাৱে সাধাৰণ ৰাইজক সচেতন কৰাৰ বাবেও প্রতিখন জিলাৰ আৰক্ষীক প্রদান কৰা হৈছে এলানি নির্দেশনা৷

ইফালে শনিবাৰে সংবাদ মাধ্যমক ডি জি পি ভাস্কৰজ্যোতি মহন্তই পূজাৰ সময়ছোৱাত ক’ভিড বিধিসমূহ পালন কৰাৰ বাবে প্রতিখন পূজা কমিটীক স্পষ্ট নির্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে৷ এইক্ষেত্রত আৰক্ষীয়েও ক’ভিড নীতি অনুকৰণ হৈছে নে নাই, সেই দিশটোৰ প্রতি নজৰ দিব বুলি তেওঁ উল্লেখ কৰে৷

ইফালে শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত ৰাজ্য চৰকাৰে প্রদান কৰা পূজাৰ ক’ভিড বিধি অনুকৰণৰ ক্ষেত্রত এইবাৰ ৰাজ্য চৰকাৰে কঠোৰ নজৰ দিব বুলি আজি স্পষ্ট কৰি দিয়ে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ আজি সংবাদ মাধ্যমৰ আগত মুখ্য সচিবজনে কয়– ইতিমধ্যে পূজা পালনৰ ক্ষেত্রত মুকলি কৰা ক’ভিড নীতি–নিয়মসমূহ পালনৰ ক্ষেত্রত পূজা কমিটী সম্পূর্ণৰূপে দায়বদ্ধ থাকিব৷ পূজাস্থলীত ভেকচিনৰ দুয়োটা ড’জ লোৱা ব্যক্তিৰহে আগমন নিশ্চিত কৰাৰ লগতে মাস্ক পৰিধান বা অন্যান্য নীতি–নিয়মসমূহ পালনৰ ক্ষেত্রত পূজা কমিটীসমূহে বিশেষ নজৰ দিব লাগিব৷ এইক্ষেত্রত যদি কোনো পূজাস্থলীত ক’ভিড বিধি অনুকৰণ নকৰা প্রশাসনৰ দৃষ্টিগোচৰ হয়, তেন্তে পূজা কমিটীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

সেয়াই নহয়, ইতিমধ্যে জাৰি কৰা পূজাৰ এছ অ’ পি অনুসৰি নিশা ১০ বজাৰ পাছত আৰম্ভ হ’ব লগা সান্ধ্য আইনৰ সময়ছোৱাত সাধাৰণ লোক ঘূৰা–ফুৰা কৰি থাকিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ কোনো কাৰণতে পূজাৰ সময়ছোৱাত ক’ভিড বিধি উলংঘা কৰাটো সহ্য কৰা নহ’ব বুলিও আজি মুখ্য সচিবজনে স্পষ্ট কৰি দিয়ে৷

You might also like