নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী আধুনিকীকৰণৰ নামত প্রহসনঃ গৰলীয়াৰ আৱাসত দুর্বিষহ জীৱন আৰক্ষী জোৱানৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আৰক্ষী আধুনিকীকৰণৰ নামত চলি থকা প্রহসন গৰলীয়াৰ আৰক্ষী জোৱানৰ আৱাসত প্রতিফলিত হৈছে৷ আৰক্ষী আধুনিকীকৰণৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানে কটাবলগীয়া হৈছে দুর্বিষহ জীৱন৷ গৰলীয়াৰ জৰাজীর্ণ আৱাসত দুর্বিষহ জীৱন কটোৱা আৰক্ষী জোৱানৰ তথ্যই ৰাজ্যৰ আৰক্ষী আধুনিকীকৰণৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷

বিজ্ঞান আৰু তথ্য–প্রযুক্তিৰ এই যুগতো ৰাজ্যৰ অন্যান্য প্রান্ততো দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গৰলীয়াৰ আৰক্ষী নিৱেশত জৰাজীর্ণ গৃহত জীৱন কটাবলগীয়া হৈছে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী জোৱানে৷ বছৰৰ পিছত বছৰ ধৰি গৰলীয়াৰ আৰক্ষী নিৱেশত নূ্যনতম সা–সুবিধাৰ পৰা বঞ্চিত হৈ এক দুর্বিষহ জীৱন কটাই প্রতিদিনে নিজৰ কর্তব্য পালন কৰিবলগীয়া হৈছে এই জোৱানসকলে৷

গৰলীয়াৰ আৰক্ষী নিৱেশত ৩ এপিটিএফ, ১১ এপিবিএন, ৯ এপিবিএন, ২৬ এপিবিএনকে ধৰি কেইবাটাও বেটেলিয়নৰ জোৱানে গোহালিসদৃশ পৰিৱেশত জীৱন যাপন কৰি অহাৰ পিছতো মহানগৰ আৰক্ষী আয়ুক্তই এই জোৱানসকলক থকা–খোৱাৰ নূ্যনতম সা–সুবিধাৰ পৰা বঞ্চিত কৰি অহা বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ গৰলীয়াৰ এছএছবি কেম্পৰ কাষতে থকা বেৰেকত দুর্বিষহ জীৱন কটাইছে তিনি শতাধিক জোৱানে৷ এই জোৱানসকলৰ আবেদন–নিবেদনৰ পিছতো মহানগৰ আৰক্ষী আয়ুক্তই জীৱন যাপনৰ নূ্যনতম সা–সুবিধাখিনি আজিলৈকে প্রদান কৰা নাই৷ যাৰ ফলত তিনি শতাধিক জোৱানে প্রতিদিনে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ কেৱল বিশুদ্ধ খোৱাপানীয়েই নহয়, অনাময় ব্যৱস্থাৰ পৰাও বঞ্চিত কৰা হৈছে জোৱানসকলক৷

গোহালিসদৃশ পৰিৱেশত থকা বেৰেকত জীৱন কটোৱা এই জোৱানসকলক লৈ পল্টন বজাৰৰ পুলিচ ৰিজার্ভৰ পৰা একাংশ অসাধু বিষয়াই মোটা অংকৰ কমিছন আদায় কৰি গুৱাহাটী পৌৰ নিগমৰ পৰা বিশুদ্ধ খোৱাপানী যোগানৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, পুলিচ ৰিজার্ভৰ পৰা প্রতিদিনে প্রায় ১৫ হাজাৰ লিটাৰ পানী গৰলীয়াৰ এছএছবি বেটেলিয়নৰ কেম্পৰ কাষৰ বেৰেকত থকা এই জোৱানসকলক যোগান ধৰি অহা হৈছে৷ কিন্তু জোৱানসকলক যোগান ধৰা পানী খোৱাৰ অনুপযোগী৷

এই জোৱানসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে দুটাকৈ ব’ৰিং স্থাপন কৰিছিল যদিও আজিলৈকে কমিছনৰ অংকত থকা বিষয়াসকলে ব’ৰিং দুটা কার্যক্ষম নকৰিলে৷ কেৱল বিশুদ্ধ খোৱাপানীয়েই নহয়, গোহালিসদৃশ পৰিৱেশৰ বেৰেকত বাৰিষাৰ সময়ছোৱাত বৰষুণৰ পৰা ৰক্ষা পাবলৈ গাঁঠিৰ ধন ভাঙি জোৱানসকলে তির্পাল আঁৰিবলগীয়া হৈছে৷ জোৱানসকলৰ বাবে বেৰেকত বিজ্ঞানসন্মত অনাময় ব্যৱস্থা নথকাত বাৰিষাৰ সময়ছোৱাত পূতিগন্ধময় পৰিৱেশৰ মাজত জীৱন যাপন কৰিবলগীয়া হৈছে৷ গৰলীয়াৰ আৰক্ষীৰ বেৰেকে মহানগৰ আৰক্ষীৰ আধুনিকীকৰণৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে যদিও এই বেৰেককেইটাত জোৱানসকলৰ থকাৰ সু–ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like