নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: “আত্মাৰ আহ্বান শুনি বিশ্ববিদ্যালয়খনলৈ সাংসদ পুঁজিৰ প্ৰথমটো সৰ্ববৃহৎ ধনৰাশি আগবঢ়ালোঁ ৷ অসমৰ ৰাইজৰ অতি মৰমৰ তথা শ্ৰদ্ধাৰ অনুষ্ঠানটিলৈ স্ব-ইচ্ছাই ৫০ লাখ টকা আগবঢ়াইছোঁ” ৷ কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰাইদঙ্গীয়াস্থিত নিৰ্মীয়মাণ মূল চৌহদত আয়োজিত বিশ্ববিদ্যালয়খনৰ অতিথিশালা, শৈক্ষিক-প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশলৈ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই এই মন্তব্য কৰে ৷

 

সাংসদগৰাকীয়ে আৰু কয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল আধ্যাত্মিকতাতে সীমাৱদ্ধ অনুষ্ঠান নহয়, ই সামাজিক, সাংস্কৃতিক, শৈক্ষিক দিশত যথেষ্ট অৰিহনা আগবঢ়াই আহিছে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আদৰণি ভাষণ আগবঢ়াই ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খনলৈ আগবঢ়োৱা সহায়ৰ বাবে চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে  সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লোৱা পদক্ষেপৰ বাবে তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ৷ বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে আঁতধৰা অনুষ্ঠানত আদৰণি গীত পৰিৱেশন কৰে শিল্পী ৰূপম কটকীয়ে ৷

 

এই বিশেষ শুভাৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, উপাচাৰ্য,অধ্যাপক ড: মৃদুল হাজৰিকা, পঞ্জীয়ক মৃণাল কুমাৰ বৰা,সঙ্ঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰনাথ ডেকা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰ্থ সামাজিক বিকাশ ন্যাসৰ ন্যাসৰক্ষী খগেন্দ্ৰ মাহেলাৰ লগতে কাৰ্যবাহী অভিযন্তা নিকুঞ্জ মোহন গোস্বামী, সহকাৰী অভিযন্তা পল্লৱজ্যোতি মহন্ত, আৰ্কিটেক্ট হৃদয় কুমাৰ নাথ, বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পঞ্জীয়ক (বিত্ত) হিমাংশু শইকীয়া, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক, সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মা, প্ৰকল্প অভিযন্তা মৃগাংক কুমাৰ নাথ, বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে সঙ্ঘৰ বিষয়-ববীয়াসকলে অংশ লয় ৷
You might also like