নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘No Shortcuts’- ছাত্ৰ-ছাত্ৰীক সফলতাৰ গুৰুমন্ত্ৰ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰচা’ কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰ্চুৱেলি যোগদান কৰে। ‘পৰীক্ষা পে চৰচা’কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পিতৃ-মাতৃয়ে শিশুক সামাজিক মৰ্যাদাৰ বাবে হেঁচা প্ৰয়োগ কৰিব নালাগে। একে সময়তে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক যিকোনো বোজাৰ পৰা ওলাই আহি নিজৰ কামত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে।

‘পৰীক্ষা পে চৰ্চা’ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব লাগে।

ইপিনে এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাত অন্যায় প্ৰথা বা নকলৰ ব্যৱহাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মন্তব্য কৰে। তেওঁ কয় যে নকল কৰিলে এটা বা দুটা পৰীক্ষাত সহায় হ’ব পাৰে কিন্তু জীৱনত দীৰ্ঘকালীনভাৱে ইয়াৰ কোনো লাভ নহয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয় যে তেওঁলোকে কেতিয়াও “চৰ্টকাট” পথ অৱলম্বন কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰমে তেওঁলোকক জীৱনত আগুৱাই যোৱাত সদায় সহায় কৰিব।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰা সন্দৰ্ভত কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত যি হেঁচা প্ৰয়োগ কৰা হৈছে সেয়া বহুবাৰ বিশ্লেষণ কৰি চাব লাগে। শিক্ষাৰ্থীক লৈ পৰিয়ালৰ সদস্যৰ আশা থকাটো স্বাভাৱিক কিন্তু যদি ই সামাজিক শ্ৰেণী বা মৰ্যাদাৰ সৈতে জড়িত তেন্তে সেয়া ভুল। যেনেকৈ এজন বেটছমেনে চাৰি আৰু ছয়ৰ দাবী কৰা দৰ্শকৰ মাতক আওকাণ কৰি বলাজনৰ বল নিক্ষেপত মনোনিৱেশ কৰে, ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীসকলেও সকলো হেঁচাক আওকান কৰি নিজৰ কামত মনোনিৱেশ কৰা উচিত।

You might also like