নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা শিৱৰাত্ৰি উপলক্ষে সোণাৰি চাপৰি আঞ্চলিক শিৱ মন্দিৰত ভক্তৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: মহা শিৱৰাত্ৰি উপলক্ষে সমগ্ৰ দেশৰ আৰু ৰাজ্যৰ শিৱ মন্দিৰ সমুহৰ লগতে সোণাৰি চাপৰি, কেকুঁৰি, পতীয়া চাপৰি, চাৰিকড়িয়া, বাহঁপৰা , দাংধৰা, পশ্চিম ঢকুৱাখনা আদি অঞ্চলতো গাঁৱেভূঞে সিচৰিত হৈ থকা শিৱ মন্দিৰ সমুহতো চলিছে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা ৷ ইয়াৰ সমান্তৰালভাৱে ১৯৫৮ চনতে প্ৰতিষ্ঠা কৰা সোণাৰি চাপৰি আঞ্চলিক শিৱ লিঙ্গ মন্দিৰতো আজি পুৱাৰে পৰাই শিৱ আৰাধনাৰ বাবে ভিৰ কৰিছে অগণন শিৱ ভক্তই ৷ মহাদেৱক আৰাধনাৰ বাবে আজি পুৱাৰে পৰাই লোকে লোকাৰণ্য হৈ পৰে সোণাৰি চাপৰি আঞ্চলিক শিৱ লিঙ্গ মন্দিৰ চৌহদ ৷ জীয়ৰী বোৱাৰী, ডেকা গাভৰু, আৱাল ব্‌দ্ধ বণিতাই মহাদেৱক সন্তোষ্ঠিৰ বাবে ধূপ চাকি, বেলপাত, গাখীৰ আদিৰে আৰাধনা কৰিবলৈ হেতাওপৰা লগাই ৷
You might also like