নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰৰ আশাৰীকান্দিত উষ্ম আদৰণি ২৮ বিদেশী পৰ্যটকক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  এম ভি গংগা বিলাস নামৰ বিলাসী প্ৰমোদতৰী খনে ২৮ জনীয়া বিদেশী পৰ্যটকক কালি বিয়লি ধুবৰী জাহাজ ঘাটত লৈ অনাৰ পাচত পৰ্যটকৰ দলটোৱে নিশাটো  প্ৰমোদতৰী খনতে কটাই আজি ৰাতিপুৱা প্ৰায় ৭ বজাত ধুবুৰীৰ গৌৰীপুৰৰ নিকটৱৰ্তী  টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দি গাওঁলৈ ভ্ৰমণ কৰে। ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰা এই ভ্ৰমণ কাৰ্যসূচীত বিদেশী পৰ্যটক সকলে পাল সম্প্ৰদায়ৰ লোকে মাটিৰে নিৰ্মিত কৰা বিভিন্ন সামগ্ৰী বোৰ চাই আপ্লুত হৈ পৰে। আশাৰীকান্দি গাওঁৰ ৰাইজে বিদেশী পৰ্যটক সকলক ফুলাম গামোচা ৰে সম্বৰ্ধনা জনাই প্ৰত্যেককে একোখন মাটিৰ দ্বাৰা নিৰ্মিত সামগ্ৰী উপহাৰ হিচাপে দি উষ্ম আদৰণি জনায়। তাৰ পাচত আশাৰীকান্দিৰ পৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’ দৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে। তাৰ পাচত কাষতে থকা তেতুলতলাত প্ৰাক স্বৰাজত্তোৰ যুগত বৃটিছে স্থাপন কৰা দুৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে পৰ্যটকৰ দলটোৱে। ইয়াৰ পাচত ধুবুৰীৰ ঐতিহ্যমণ্ডিত স্থান সমুহ পৰিদৰ্শন কৰি আজি দুপৰীয়া বৰলুইতেৰে বিদেশী পৰ্যটকৰ দলটোক লৈ ধুবুৰীৰ পৰা গোৱালপাৰাৰ পন্চৰত্ন অভিমুখে যাত্ৰা কৰে প্ৰমোদতৰী গংগা বিলাসে।

You might also like