নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত গণৰোষত বিধায়ক ভুৱন গামঃ ৰাইজক ধমক দিয়া বিধায়ক ভুৱন গামক ধিক্কাৰ স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চ : দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদখা মাজুলীৰ অন্যতম লুইতপৰীয়া গাঁও পঞ্চায়তৰ মোৱামাৰী মিছিং গাঁও। উজনি মাজুলীৰ হাজাৰ -বিজাৰ লোকে মুল পথ হিচাপে ব্যৱহাৰ কৰা মোৱামাৰী হৈ পানীখাটী সংযোগী পথটো পকীকৰণৰ বাবে বহু বাৰ দাবী কৰি আহিছিল যদিও আজি পৰ্যন্ত লাভ নকৰিলে পকী পথ। যাৰ বাবে আজি উজনি মাজুলীত ২নং কুহিয়াবাৰীৰ পৰা গোপালপুৰ সংযোগী পকী পথৰ আধাৰশিলা স্থাপনৰ বাবে অহা মাজুলীৰ বিধায়ক ভুৱন গামক আগুছি ধৰিলে মোৱামাৰী বাসী ৰাইজে ৷ গনৰোষৰ বলি হোৱা বিধায়ক গৰাকী অগ্নিশৰ্মা হৈ স্থানীয় ৰাইজৰ লগত বিধস্ত মোৱামাৰিৰ পথ চাবলৈ যাবৰ বাবে আহ্বান জনোৱা যুৱকক বিভিন্ন ধৰনে ধমক দি ঐ শুন , তই কলেই পথ চাবলৈ যাব নোৱাৰো , তই কোন হয় , তোৰ কথা কিয় শুনিম আদিকে ধৰি তুচ্ছ-তাচিল্ল কৰি ধমক দিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এজন জনপ্ৰতিনিধিৰ পৰা আমি এনেধৰনৰ মন্তব্যৰ আশা নকৰোঁ বুলি মন্তব্য প্ৰদান কৰি বিধায়ক জনৰ এই ধমনমুলক কাৰ্যক ধিক্কাৰ দিছে ৷

আনফালে কিছু সময়ৰ পিছতেই ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হৈ বিধায়ক গৰাকীয়ে মোৱামাৰি পথৰ বিধস্ত অৱস্থা পৰিৰ্দশন কৰি ৰাইজক এই পথটোৰ নিৰ্মাণ কাৰ্য খুব কমদিনত আৰম্ভ হব বুলি আস্বাস প্ৰদান কৰে ৷ এই স্থানত সাংবাদিক উপস্থিত হৈ ৰাইজক কিয় ধমক দিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে ধমক দিয়া নাই , অকনমান টানকৈ কৈছো বাৰু এই সকল মোৰ নিজৰেই মানুহ বুলি মন্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে উজনি মাজুলীৰ অন্যতম প্ৰধান পথ টেঙাপনীয়াৰ পৰা মুৱামাৰি হৈ পানীখাটীৰ ঐতিহ্যমণ্ডিত শিলগুৰি থান , উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় , নতুনবজাৰস্থিত বেংক , চিকিৎসালয় আদিলৈ যোৱাৰ অতি চমু পথটো শেহতীয়াকৈ প্ৰকাশ পোৱা পথ পকী কৰনৰ বাবে আৱন্তিত পথ সমুহৰ তালিকাত অন্তৰ্ভুক্ত নোহুৱাত গৰজী উঠিছে মোৱামৰী আৰু উজনী মাজুলীবাসী ৷ আনহাতে দীৰ্ঘদিনৰ পৰা যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰি অহা ফুটচাং-পানীখাতি , নতুনবজাৰ -কান্ধুলীমাৰি , ২ নং কোহিয়াবাৰীৰ পৰা গোপালপুৰ সংযোগ পথ , বালিগাঁও চাৰিআলিৰ পৰা নেপালীবাৰীহৈ আয়ুস চিকিৎসালয় সংযোগী পথ , সোনাৰীআটিৰ পৰা বৰগুৰি শিৱ মন্দিৰ পথ , যোৰবিল কঠনীআটি পথ , যোৰবিল কাঠনীআটি ৰ পৰা পহুমৰা পথ , ৰঙাচাহী – বৰবাম চাপৰি পথ , ২ নং কঢ়ালগাঁও পথ , বনগাঁও-শালমৰা পথ , ৰাৱনাপাৰ -চাৰেঙীয়াআটি হৈ শেনচুৱা সংযোগী পথ ,মুঠ ১১ টাকৈ নতুন পথৰ পকীকৰণৰ কামৰ আজি শুভাৰম্ভ কৰা হয় ৷ এই পকী পথ সমুহৰ বিপৰিতে মোৱামাৰী ৰ দৰে গাৱঁৰ পথ পকীকৰণৰ তালিকাত নথকাত ৰাইজ ক্ষোভিত হৈ পৰাটো স্বাভাৱিক বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ উজনী মাজুলীৰ সদা ব্যস্ত এই পথটো পকী কৰনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে উজনী মাজুলী বাসীয়ে ৷

প্ৰাঞ্জল খাউণ্ড

You might also like