নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰৰ প্রস্তাৱৰ বিৰোধিতা এনএছচিএন (আইএম)ৰ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ অসম চৰকাৰে কার্বি আংলং জিলাত কুকি আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ গঠন সন্দর্ভত আগবঢ়োৱা প্রস্তাৱৰ বিৰোধিতা কৰিছে নগা বিদ্রোহী সংগঠন এন এছ চি এন (আইএম) আৰু নাগা ৰেংমা হিল্ছ নেচনেল ৱর্কার্ছ নামৰ সংগঠনটোৱে৷ এন এছ চি এন (আইএম)ৰ শীর্ষ নেতা তথা নাগা ৰেংমা হিল্ছ নেচনেল ৱর্কার্ছৰ মুৰব্বী যোছেফ ৰেংমাই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্রমণে ৰাজ্যখনৰ ৰেংমা নাগা পাহাৰত অপ্রীতিকৰ পৰিৱেশৰ সূচনা কৰিছে৷

অসম চৰকাৰে কুকি বিদ্রোহীসকলক সন্তুষ্ট কৰিবলৈ কুকি আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ গঠনৰ প্রস্তাৱ দিয়াটো আশ্চর্যজনক৷ এইটোৱে প্রকৃত খিলঞ্জীয়া বাসিন্দা ৰেংমা জনসাধাৰণৰ স্বার্থত ব্যাঘাত জন্মাব৷ সেয়েহে ৰেংমা নেচনেল ৱর্কার্ছে এনে অযুক্তিকৰ প্রস্তাৱৰ তীব্র বিৰোধিতা কৰিছে৷ ৰেংমা জনসাধাৰণে কুকি আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ কোনো কাৰণতে গঠন কবিৰলৈ নিদিয়ে বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়া হয়৷

ইফালে, একেটা বিবৃতিতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক স্মাৰক–পত্র প্রদান কৰা কার্যৰো বিৰোধিতা কৰা হৈছে৷

You might also like