নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া পদটো পূৰণৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ

  •  শীঘ্ৰেই খালী হৈ থকা পদ সমূহ পূৰণ কৰি বিভাগটোক গতিশীল কৰি তুলিবলৈ আহ্বান মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: মৰিগাঁও জিলা প্ৰশাসনৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগ জিলা তথ্য আৰু জনসংযোগ বিভাগত জিলা বিষয়া জনকে ধৰি কেইবাটাও পদ খালী হৈ থকাত বিভাগটো এক পুতৌ লগা অৱস্থাৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত বিভাগটোত খালী হৈ থকা পদ সমূহ পূৰণ কৰি শীঘ্ৰেই গতিশীল কৰি তোলাৰ দাবীত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ এক সজাতি দলে আজি জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সম্পাদক জিতুমনি নাথ,উপ-সভাপতি কল্পতৰু চৌধুৰী,উপদেষ্টা মহেন্দ্ৰ নাথ হাজৰিকা,প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকা,সাংবাদিক প্ৰাঞ্জল শৰ্মা, দিপাংকৰ নাথকে আদি কৰি সজাতি দলটোৱে উপায়ুক্ত শৰ্মাক সাক্ষাৎ কৰি কয় জিলা তথ্য আৰু জনসংযোগ বিভাগৰ মুৰব্বী বিষয়াজনে কাৰ্যালয়ত যোগদান কৰি একেদিনাই সংযোজন সাপেক্ষে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰাত বিভাগীয় কাম কাজ পৰিচালনাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। তদুপৰি জিলা তথ্য আৰু জনসংযোগ বিভাগটোত অনুমোদিত ৭ টা বিষয়া কৰ্মচাৰী পদৰে এতিয়া ৩ জন কৰ্মচাৰীয়ে বৃহৎ বিভাগটো চলাই থাকিব লগীয়া হৈছে।বিভাগটোৰ ৩ জন কৰ্মচাৰীৰ ভিতৰত এজন কণিষ্ঠ সহায়ক, এজন পিয়ন আৰু এজন মাইক অপাৰেটৰ আছে।

 

তাৎপৰ্য্যপূৰ্ণ বিষয় এইয়ে যে বিগত ৩০ এপ্ৰিল /২০২১ ত জিলা তথ্য আৰু জনসংযোগ বিভাগটোৰ বিষয়া গৰাকীয়ে অৱসৰ গ্ৰহণ কৰা প্ৰায় ৫  মাহ মানৰ পিছত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে লাল মাছোৰণা যতে নামৰ এগৰাকী বিষয়াক নিযুক্তি প্ৰদান কৰিছিল যদিও উক্ত বিষয়া গৰাকীয়ে দুদিনৰ ভিতৰতে সংযোজন সাপেক্ষে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পুনৰ যোগদান কৰে। ইয়াৰ পিছৰে পৰা বিভাগটো পৰিচালনাৰ বাবে জিলা উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তক ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে দায়িত্ব দি বিভাগীয় কাম কাজ পৰিচালনা কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত বিভাগটোৰ কাম কাজ পৰিচালনাত ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে সময়ে সময়ে সংবাদ কৰ্মী সকলো সমস্যাত পৰিব লগীয়া হৈছে। এই ক্ষেত্ৰত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংযোজন সাপেক্ষে যোগদান কৰা বিষয়া কেইজনক ঘূৰাই আনি নিজৰ প্ৰকৃত কৰ্মস্থলীত যোগদান কৰাই বিভাগটোক গতিশীল কৰি তুলিবলৈ জিলা সাংবাদিক সংস্থাৰ সজাতি দলটোৱে জিলা উপায়ুক্ত গৰাকীৰ ওচৰত দাবী উত্থাপন কৰে ।###
You might also like