নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিজেপিৰ শাসনত মণিপুৰে সন্ত্ৰাসবাদৰ অন্ত পেলাই উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে’- অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মণিপুৰত ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাজ্যখনত ৩০০ কোটি টকাৰ ১২টা প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ লগতে ১০০৭ কোটি টকাৰ ৯টা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হয়। বিষ্ণুপুৰ জিলাৰ মইৰাঙত অনুষ্ঠিত এখন ৰাজহুৱা সভাত শ্বাহে কয় যে বিজেপি চৰকাৰে উগ্ৰবাদ নিঃশেষ কৰি পেলাইছে। ইতিমধ্যে ৰাজ্যখনৰ ছখন জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) আঁতৰাই দিয়া হৈছে।

তেওঁ কয়, ‘কংগ্ৰেছৰ শাসনকালত মণিপুৰত বিদ্ৰোহ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মণিপুৰক বিদ্ৰোহ আৰু বন্ধৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিছে।” শ্বাহে লগতে কয় যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আঠ বছৰতকৈও কম সময়ত উত্তৰ-পূবত ৩.৪৫ লাখ কোটি টকা বিনিয়োগ কৰিছিল, যাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫১ বাৰ অঞ্চলটো ভ্ৰমণ কৰিছিল।

উল্লেখ্য় যে আজি ৰাজ্যখনত ৪০টা আৰক্ষী আউটপোষ্ট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়, ইয়াৰে ৩৪টা আউটপোষ্ট ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰু ৬টা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ কাষত নিৰ্মাণ হ’ব। ইয়াৰ পূৰ্বে তেওঁ চুৰাচান্দপুৰত জিলাখনৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে ইম্ফল পূৱ জিলাৰ মাৰ্জিং প’ল’ কমপ্লেক্সত ১২০ ফুট ওখ প’ল’ খেলুৱৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে।

You might also like