নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত নিশাৰ আন্ধাৰত দুৰ্বৃত্তই জ্বলালে পাচখনকৈ গাড়ী

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল লখিমপুৰ নগৰ। যোৱা নিশা নগৰৰ মাজৰ এটা কাঠৰ মিলৰ চৌহদত থকা ৯ খনকৈ বিভিন্ন ধৰণৰ গাড়ীৰ পাঁচখনত জুই লগাই দিয়ে দুৰ্বৃত্তই। নগৰৰ খেলমাটিৰ ৰবীন শ্ব মিলত সংঘটিত হয় এই ঘটনা। নিশাৰ আন্ধাৰত মিল টোৰ চৌহদত থকা এখন জেচিব,দুখন ডাম্পাৰ আৰু দুখন ট্ৰাকত জুই লগাই দিয়ে দুৰ্বৃত্তই। কম বেছি পৰিমাণে গাড়ী কেইখন জ্বলি উঠাৰ সময়ত চৌহদতে থকা লোকে প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই আৰু তাৎক্ষণিক ভাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নি নিৰ্বাপন কৰে।

মিলটোৰ চৌহদত থকা আন গাড়ী সমূহতো জুই লগা হলে সমগ্র লখিমপুৰ নগৰ ছাৰখাৰ হৈ পৰিলেহেতেন। ঘটনা সন্দৰ্ভত মিলৰ গৰাকী জ্যোতিপ্রসাদ হাজৰিকাৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে ইতিমধ্যে তেওঁ মিলতে পূৰ্বে গাড়ী চালকৰ কাম কৰা নগৰৰ চান্দমাৰীৰ নাচিৰ হুছেইন নামৰ এজন লোকক আটক কৰিছে। ঘটনাৰ লগত আন দুজনো জৰিত থকাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে তেওলোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোত কেইবা কোটি টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

You might also like