নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত ১০ কোটি টকীয়া বিদ্যুৎ উপ কেন্দ্ৰৰ পাৱাৰ হাউচৰ বেৰা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:  ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰিত ১০ কোটি টকীয়া আঁচনিৰে বিদ্যুৎ বিভাগৰ পাৱাৰ হাউচৰ বেৰা নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্ণীতি আৰু অনিয়ম কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত তথ্য মতে ১৬ ডিচেম্বৰ ২০২২ তাৰিখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘুণাসুতীত শুভ উদ্বোধন কৰা ১০ কোটিটকীয়া আচঁনিখন ৰূপায়ণ কৰিবলৈ চাৰি বেৰা নিৰ্মাণৰ কৰা ঠিকাদাৰ কক পেগুৱে পকী দেৱাল নিৰ্মাণত স্বানীয় নদীৰ কোমল বালি ব্যৱহাৰ কৰা বুলি অভিযোগ কৰাৰ লগতে নিৰ্মান কাৰ্যত অযথা বিলম্ব কৰাত যোৱা তিনিমাহে দেৱাল নিৰ্মাণৰ কাম চাৰি ত্‌তীয়াংশও সম্পুন্ন হোৱা নাই ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত এই প্ৰতিবেদকে কৰা গোপন অনুসন্ধানত ঠিকাদাৰে স্বানীয় নদীৰ দুই টেক্টৰ কোমল বালি দমাই থোৱাৰ বিষয়ে জানিব বিছৰাত ৰাকেশ পেগু নামৰ পকা মিষ্টি গৰাকীয়ে স্বানীয় নদীৰ বালি বুলি জানিবলৈ দিয়াৰ লগতে কৌশলগত ভাবে বালি খিনি নলাত পেলাবলৈ দিয়া বুলিও কৰা মন্তব্যই ৰাইজৰ অভিযোগৰ সত্যতাকেই প্ৰতিপন্ন কৰিছে ৷ আনহাতে ঠিকাদাৰে বিভাগীয় অভিযন্তাই পৰীক্ষাৰ কৰাৰ পিছতহে শিল বালি পকী কামত ব্যৱহাৰ কৰা হয় বুলি জানিবলৈ দিয়ে যদিও ২০ জানুৱাৰী ২০২৩ তাৰিখৰ পিছত এনে ধৰণৰ পৰীক্ষাৰ কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ ঘটনাই তাৎপৰ্য বহন কৰিছে ৷ বিদ্যুৎ বিভাগৰ ১০ কোটি টকীয়া আচঁনি ৰূপায়ণত টেক্টৰেৰে শিল বালি কঢ়িয়াই সৰ্পিল গতিত চলোৱা আচঁনি ৰূপায়নে সন্দেহ ঘনিভূত কৰাত আচঁনিৰ ৰূপায়ণৰ বাবে নিৰ্মাণ কৰা পকী দেৱাল নিৰ্মাণৰ এক ন্যায়িক তদন্তৰ দাবী জনাই এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ প্ৰতক্ষ্য হস্তক্ষেপৰো দাবী জনাইছে স্বানীয় ৰাইজৰ লগতে সোণাৰি চাপৰি অঞ্চলৰ বিভিন্ন দ’ল সংগঠনে ৷

You might also like