নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ ত্যাগ ক্ষেত্রত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কেন্দ্রীয় লাচিত দিৱস

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আজিৰে পৰা দুদিনীয়া কাৰ্য্য সূচীৰে আৰম্ভ হৈছে লাচিত দিৱস হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত আয়োজন কৰা হৈছে এই কাৰ্য্যসূচী। এই উপলক্ষে আজি বিভিন্ন কাৰ্য্য সূচীত পূৱা পতাকা উত্তোলন কৰে পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্ম জ্যোতি দত্ত ই। থলুৱা বস্ত্ৰ বিপনীৰ দ্বাৰ মুকলি কৰে উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি বাবুল বৰাই। উত্তৰ লখিমপুৰ চৰকাৰী পেঞ্চনাৰ সন্হাৰ সম্পাদক গুণাৰাম নিয়ে। দুপৰীয়া ৰ পৰা চিত্ৰাংকনকে ধৰি বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰা হয়। কাৰ্য্যসূচীত হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য ,সাধাৰণ সম্পাদক মাধৱ দাসৰ লগতে জিলা সমিতিৰ বিষয় ববীয়া সকলে অংশগ্রহণ কৰে। এই দিৱসৰ দ্বিতীয় দিনা বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্রা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি সভা, আদি অনুষ্ঠিত হব। কাৰ্য্যসূচী সমুহত বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃত্ব কে ধৰি শিক্ষা, সংস্কৃতি জগতৰ ভালেখিনি বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব।

You might also like