নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৰক্ষা গৱেষণা সংস্থাত (DRDO) ১,০৬১ চাকৰি

ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(Defence Research & Development Organisation) চমুকৈ ডিআৰডিঅ’(DRDO)ত খালী হৈছেAdmin & Allied (A&A) Cadreৰ ১,০৬১ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিCentre for Personnel Talent ManagementৰDirector–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছেJunior Translation Officer/JTO (33), Stenographer (Grade-I)-English Typing (215), Stenographer (Grade-II)-English Typing (100), Administrative  Assistant (A)-English Typing (250), Administrative Assistant (A)-Hindi Typing (12), Store Assistant (A)-English Typing (134), Store Assistant (A)-Hindi Typing (4), Security Assistant-A (41), Vehicle Operator-A (145), Fire Engine Driver-A (18), Fireman (86)৷Junior Translation Officer/JTO পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাHindi/English বিষয়ত স্নাতকোত্তৰ নাইবাHindi/English বিষয়ত স্নাতক ডিগ্রীধাৰী আৰুTranslationৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱাৰ লগতেCentral/State Government Office (GOI)ত অনুবাদক হিচাপে কাম কৰাৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৩০ বছৰ৷ Stenographer (Grade-I)-English Typing পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা স্নাতক হোৱাৰ লগতে ১০ মিনিটতDictationত প্রতি মিনিটত ১০০টা শব্দ লিখিব পৰা হ’ব লাগিব৷ বয়স ৩০ বছৰ৷Junior Translation Officer/JTO আৰুStenographer (Grade-I)-English Typing পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷ Stenographer (Grade-II)-English Typing পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ১০ মিনিটতDictationত প্রতি মিনিটত ৮০টা শব্দ লিখিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা৷Administrative Assistant (A)-English Typing আৰুStore Assistant (A)-English Typing পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ১০ মিনিটৰ প্রতি মিনিটতEnglishত ৩৫টা শব্দTyping কৰিব পৰা হ’ব লাগিব Administrative Assistant (A)-Hindi Typing আৰুStore Assistant (A)-Hindi Typing পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ১০ মিনিটৰ প্রতি মিনিটতHindiত ৩০টা শব্দTyping কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷Security Assistant-A পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা নাইবাArmed Forcesৰ পৰাEx-Servicemen হিচাপে প্রমাণ–পত্রধাৰী আৰুPhysical Fitness থকাৰ লগতে Strenuous Duty কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷Vehicle Operator-A পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে দুচকীয়া/তিনিচকীয়া লঘু আৰু গধুৰ যান–বাহন চলোৱা বৈধ অনুজ্ঞা–পত্র আৰুMotor Mechanismৰ জ্ঞান থকা হ’ব লাগিব৷ যান–বাহন চলোৱাৰ অতি কমেও ৩ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷Fire Engine Driver-A পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে দুচকীয়া/তিনিচকীয়া লঘু আৰু গধুৰ যান–বাহন চলোৱা বৈধ অনুজ্ঞা–পত্র আৰুTraffic Regulationৰ জ্ঞান থকা হ’ব লাগিব৷Physical Fitness থকাৰ লগতে Strenuous Duty কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷Fireman পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেPhysical Fitness থকাৰ লগতে Strenuous Duty কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি/এম’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১০০ টকা অনলাইন মাধ্যমেৰে ডিআৰডি’ৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ আৰু প্রাক্তন কর্মচাৰী শিক্ষাতনৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপনবিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ডিআৰডিঅ’ৰ ৱেবছাইট www.drdo.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ, ২০২২৷

You might also like