নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বৃহৎ ৰাজহুৱা সভা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : লোহতি-খাৱলী গাঁও পঞ্চায়ত খন কিছুদিনৰ পূৰ্বে মাজুলী জিলাৰ লগত সংলগ্ন হ’ল যদিও লোহিত খাৱলী শিক্ষা খণ্ড বছৰ বছৰ ধৰি লক্ষিমপুৰ জিলাৰ লগত চামিল হৈ আছে । লোহিত খাৱলী শিক্ষা খণ্ডটো মাজুলীৰ লগত সংযোগ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান লোহিত খাৱলী অঞ্চলবাসীৰ । উল্লেখ যে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কত লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে লোহিত খাৱলী বিদ্যালয় পৰিচালনা সমতিৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে। লোহিত খাৱলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা পৰীক্ষাৰ নিৰিক্ষক হিচাপে থকা প্ৰণৱ দত্তই প্ৰশ্ন কাকত ফাদিল কৰি লোহিত খাৱলী অঞ্চলৰ লগতে সমগ্ৰ অসমতে যি কালিমা সানিলে তাৰ ওৰপৰত ক্ষোব্ধ হৈ লোহিত খাৱলি ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি ধিক্কাৰ দিয়ে প্ৰণৱ দত্তক । ইফালে পৰৰ্ৱতী পৰীক্ষা সমূহ সুচাৰো ৰূপে চলাবৰ বাবে পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি আৰু লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ শিক্ষক গোট আৰু মিছিং জাতীয় সংগঠনৰ নেত্ৰী সকলৰ উপস্থিতিত আলোচনাত মিলিত হয় । পৰৱৰ্তী পৰীক্ষা সমুহ সুচাৰো ৰূপত পৰিচালনা কৰা আৰু প্ৰশ্ন কাকত সমূহ পানী গাঁৱৰ আৰক্ষী থানা পৰা অনা নিয়াৰ ব্যৱস্থা কৰা আদি বিষয় সমূহৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয় ৷ আনহাতে যাদব বৰা নামৰ এজন শিক্ষকক এই পৰীক্ষা কেন্দ্ৰৰ পৰিক্ষা নিৰিক্ষক হিচাপে নতুনকৈ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে ৷ সভাত উপস্থিত সকলোৱে পৰৰ্ৱতী পৰীক্ষা কেইটা সুকলমে সম্পাদন হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷

প্ৰাঞ্জল খাউণ্ড

You might also like