নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাখাপট্টনমত আজি দ্বিতীয় এদিনীয়াঃ শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: বিশাখাপট্টনমত আজি অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া মেচত জয়লাভ কৰি শৃংখলা হস্তগত কৰিব বিচাৰে টীম ইণ্ডিয়াই৷ মুম্বাইত অনুষ্ঠিত প্রথমখন মেচৰ পৰা জিৰণি লোৱা নিয়মীয়া অধিনায়ক ৰোহিত শর্মাই আজি পুনৰ ভাৰতীয় দলক নেতৃত্ব প্রদান কৰিব৷

উল্লেখ্য যে ৰোহিতৰ অনুপস্থিতিত হার্দিক পাণ্ডিয়াই নেতৃত্ব দিয়া ভাৰতীয় দলটোৱে মুম্বাইত অনুষ্ঠিত প্রথমখন মেচত অষ্ট্রেলিয়াক ৫ উইকেটত পৰাজিত কৰে৷ ব’ডাৰ–গাভাস্কাৰ ট্রফীৰ প্রথম দুখন মেচত বেটিং ব্যর্থতা প্রদর্শন কৰা কে এল ৰাহুলক তৃতীয় আৰু চতুর্থখন টেষ্টৰ পৰা বাদ দিয়াৰ পিছত এদিনীয়া শৃংখলালৈ প্রত্যাৱর্তন ঘটাই তেওঁ ৭৫ ৰানৰ অপৰাজিত দর্শনীয় ইনিংছেৰে ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷

ইপিনে, আঁঠুৰ আঘাতৰ বাবে প্রায় ৮ মাহ পিছত এদিনীয়া ক্রিকেট খেলা ৰবীন্দ্র জাদেজাই বেটিং আৰু বলিং উভয়তে দর্শনীয় প্রদর্শন দাঙি ধৰি মেচখনত শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে৷ তেওঁ অপৰাজিত ৪৫ ৰানৰ এটি ধৈর্যশীল ইনিংছ খেলাৰ উপৰি দুটা উইকেটৰো পতন ঘটায়৷ এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব লগা বিশ্বকাপৰ পূর্বে জাদেজা আৰু ৰাহুল ভাৰতৰ বাবে এক অমূল্য সম্পদত পৰিণত হৈছে৷ তিনিখনীয়া শৃংখলাটোৰ কাইলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচত জয়লাভ কৰি ভাৰতে ২–০ৰ ব্যৱধানত শৃংখলা নিশ্চিত কৰিব বিচাৰে৷ ৰোহিত শর্মাৰ প্রত্যাৱর্তনে ভাৰতৰ শীর্ষক্রমৰ শক্তি বৃদ্ধি কৰিব৷ প্রথমখন মেচত অষ্ট্রেলিয়াৰ বেগী বলাৰ মিচেল ষ্টার্কৰ বলিং আক্রমণত দিশহাৰা হৈ পৰিছিল ভাৰতৰ শীর্ষ আৰু মধ্য ক্রমৰ বেটিং লাইন৷ অষ্ট্রেলিয়াৰ বলিং আক্রমণৰ বিপক্ষে পৰৱর্তী দুয়োখন মেচ ভাৰতীয় বেটাৰসকলে অনুশীলনৰ সুযোগ পাব৷ ইয়াৰ বিপৰীতে প্রথমখন মেচত পৰাজিত হোৱাৰ পিছত আলহী দল অষ্ট্রেলিয়াই কাইলৈ জয়লাভ কৰি শৃংখলালৈ প্রত্যাৱর্তন ঘটোৱাৰ চেষ্টা চলাব৷

খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷

You might also like