নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ পৰা চাইকেলেৰে ধুবুৰীহৈ জোনাইত উপস্থিত নৱজ্যোতি শইকীয়া

দেশৰ স্বহীদক শ্ৰদ্ধাঞ্জলি, অংগদান জল সংৰক্ষণ আৰু পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ধুবুৰীৰ পৰা শদিয়া ভ্ৰমণ যুৱকৰ জনৰ

নিয়মীয়া বাৰ্তা,২০ মে’: দেশৰ স্বাধীনতাৰ ৭৫ বছৰত যি সকল বীৰে দেশৰ ৰক্ষাৰ বাবে প্ৰান আহুতি দিয়া বীৰ স্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই “SALUTE TO THE REAL HERO’S, জল সংৰক্ষণ , পৰিবেশ সজাগতা আৰু অংগদান এই চাৰিটা মহান উদ্দেশ্যৰে শিৱসাগৰ এজন যুৱকে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। শিৱসাগৰৰ নৱজ্যোতি শইকীয়া নামৰ যুৱকজনে “ব্ৰহ্মপুত্ৰ পৰিক্ৰমা” নামেৰে চাইকেলেৰে সমগ্ৰ অসম অৰ্থাৎ ধুবুৰীৰ পৰা শদিয়ালৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে এই যাত্ৰা ।

শিৱসাগৰ ঐতিহ্য মণ্ডিত ৰংঘৰৰ পৰা আৰম্ভ কৰা “ব্ৰহ্মপুত্ৰ পৰিক্ৰমা” নামৰ ৪০ দিনীয়া চাইকেল ৰেলীত ইতিমধ্যে কাজিৰঙা কহৰা, নগাঁও, চামুগুৰি, পবীতৰা, পানীখাইতি, গুৱাহাটী, দুধনৈ, ধুবুৰী, জলেশ্বৰ, অভয়াপুৰী, চাপৰ, ভৱানীপুৰ, , পাঠচালা, বাইহাটা চাৰিআলি, গোৱালপাৰা, ঢেকীয়াজলি, তেজপুৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ, নাৰায়ণপুৰ, লক্ষীমপুৰ, গোগামুখ, ধেমাজি হাবুঙৰ পৰা চিলাপথাৰ হৈ অসম-অৰুণাচল সীমান্ত জোনাইত বৃস্পতিবাৰে উপস্থিত হয়৷ পুনৰ দেওবাৰে পূৱ চিয়াং পাছিঘাট , ৰয়িং হৈ শদিয়া অভিমুখে চাইকেল যাত্ৰা আৰম্ভ কৰে নৱজ্যোতি শইকীয়াই ৷

উল্লেখযোগ্য যে দেশৰ স্বহীদক শ্ৰদ্ধাঞ্জলি, অংগদান জল সংৰক্ষণ আৰু পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ধুবুৰীৰ পৰা শদিয়া ভ্ৰমণ কৰা যুৱকজনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে ৷

You might also like