নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সর্বকালৰ সর্বনিম্ন; বিনিয়োগকাৰীয়ে এদিনতে হেৰুৱালে ৭ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা,২০ মে’: মুম্বাইৰ দালাল ষ্ট্রীটত খহনীয়া অব্যাহত আছে৷ তেনেদৰে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰো পতন চলি আছে৷ আন্তর্জাতিক বজাৰত চলি থকা নেতিবাচক প্রভাৱৰ পৰিপ্রেক্ষিতত দেশীয় শ্বেয়াৰ বজাৰত অভাৱনীয় পতন অব্যাহত আছে৷ আজি বি এছ ই ছেনছেক্স ১১৫৪.৭৮ পইট নিম্নগামী হৈ ৫৩,০৫৩.৭৫ত বজাৰ সামৰণি পৰাৰ বিপৰীতে এন এছ ই নিফ্টী ৩৩৫.৬৫ পইট নিম্নগামী হৈ বজাৰ সামৰণি পৰিছে ১৫,৯০৪.৬৫ত৷ পুৱা বজাৰ আৰম্ভ হোৱাৰ লগে লগে ছেনছেক্সত নেতিবাচক প্রভাৱ পৰিবলৈ ধৰে৷ বজাৰ সামৰণি পৰাৰ সময়ত ছেনছেক্স আৰু নিফ্টীৰ ২.৫০ শতাংশলৈ নিম্নগামী হয়৷ ইপিনে আজি ছেনছেক্সত পতন চলাৰ বাবে বিনিয়োগকাৰীয়ে প্রায় ৭ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়৷

তথ্য মতে, বি এছ ই বজাৰৰ পুঁজি ২৫৫.৭ লাখ কোটি টকাৰ পৰা ক্ষতিৰ সন্মুখীন হৈ ২৪৯.১৭ লাখ কোটি টকা হয়৷ অর্থাৎ বিনিয়োগকাৰীয়ে আজি প্রায় ৭ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে, মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ পতনো ভয়াৱহ হাৰত চলি আছে৷ ইতিপূর্বে চাৰি দিন প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য সর্বকালৰ সর্বনিম্ন হিচাপে অভিলেখ গঢ়াৰ পাছত আজি পুনৰ নতুন সর্বকালৰ সর্বনিম্ন হয়৷ আজি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৭.৭৩ টকা হৈছে৷ বিগত ১০ দিন ধৰি পঞ্চমবাৰৰ বাবে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য সর্বকালৰ সর্বনিম্ন হৈছে৷ মন কৰিবলগীয়া যে কালি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ১৬ পইচা নিম্নগামী হৈ ৭৭.৬১ টকা হৈছিল৷ আজি বজাৰ আৰম্ভ হোৱাৰ পাছতেই আন্তর্জাতিক বজাৰত মার্কিন ডলাৰৰ প্রদর্শন উজ্জীৱিত হৈ পৰাত ভাৰতীয় টকাৰ মূল্য ১২ পইচা নিম্নগামী হৈ ৭৭.৭৩ টকা হয়৷ ই হৈছে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ সর্বকালৰ সর্বনিম্ন৷ তাৎপর্যপূর্ণ যে ইউক্রেইনৰ ওপৰত ৰাছিয়াই আক্রমণ কৰাৰ পাছতেই মার্চ মাহত প্রথমবাৰৰ বাবে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য সর্বকালৰ সর্বনিম্ন হয় আৰু এই ধাৰা এতিয়াও অব্যাহত থাকি নতুন সর্বকালৰ সর্বনিম্ন হৈ আছে৷

You might also like