নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত মাজ নিশাৰ কাল ধুমুহাৰ সংহাৰী ৰূপঃ ঘৰ-দুৱাৰ, গছ-গছনি তহিলং; ব্যাহত বিদ্যুৎ যোগান

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি কেকুঁৰি অঞ্চলৰ ওপৰেৰে বৃহস্পতিবাৰৰ মাজনিশা ১১’৪৫ বজাত পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা বতাহ আৰু প্ৰৱল বৰষুণত অঞ্চলটোত বিস্তৰ ক্ষতি হয় ৷ বৃহস্পতিবাৰে দিনৰ প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড উত্তাপৰ পিছত মাজনিশা দক্ষিণ পশ্চিম কোণৰ পৰা অহা প্ৰবল বৰষুণ আৰু প্ৰায় দুঘণ্টা ধৰি চলা কাল ধুমুহাই সোণাৰি চাপৰি, কেকুঁৰি, লাতিবৰচুক, সোৱণশিৰী আদি অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ গছ গছনি আদি ভাঙি চলোৱা তান্দ্ৰবৰ ফলত সোণাৰি চাপৰিত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা আৰু প্ৰকাণ্ড প্ৰকাণ্ড গছ পৰি যাতায়ত বন্ধ কৰাৰ ওপৰিও ব্যাহত হয় বিদ্যুৎ যোগান ৷

আনহাতে লখিমপুৰ জিলাত বলবৎ থকা লকডাউন কাৰ্ফিউ আৰু আন্তঃজিলা যাতায়ত বন্ধ থকাৰ মাজতো মাজুলীৰ অভিমুখী বহুকেইখন ট্ৰাক সোণাৰি চাপৰিত আবদ্ধ হৈ পৰাত আজি নিচেই পুৱাতে সোণাৰি চাপৰি আৰক্ষী, ঢকুৱাখনা খণ্ড বন সংমণ্ডলৰ কৰ্মচাৰী, লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী আৰু ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে স্বানীয় ৰাইজৰ উপস্থিতিত প্ৰায় ঘণ্টা জোৰা পৰিশ্ৰমৰ অন্তত  মুল পথটোৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ সক্ষম হয় যদিও ব্যাহত হয় বিদ্যুৎ যোগান ৷

You might also like