নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিত মুখৰিত নগৰবেৰাৰ জামলাই

নিয়মীয়া বাৰ্তা, ২৫ জুলাই: নগৰবেৰাৰ জামলাইত দেশী জনগোষ্ঠীয় লোক সকলে ৰবিবাৰে পালন কৰিলে বৰ্ণাঢ্য বিজয় উৎসৱ | চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে দেশী জনগোষ্ঠীয় লোক সকলে | জামলাইত দেশী জনগোষ্ঠীয় লোক সকলে ব্যাপক উৎসাহ উদ্দীপনাৰে খিলঞ্জীয়া স্বীকৃতি দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰি উদযাপন কৰে এই বিজয়োৎসৱ |জামলাই আঞ্চলিক দেশী জনগোষ্ঠী মঞ্চৰ উদ্যোগত আৰু জামলাই আঞ্চলিক দেশী জনগোষ্ঠীৰ যুৱ ছাত্ৰ মঞ্চৰ সহযোগত উদযাপন কৰা হয় এই বিজয়োৎসৱ |উল্লেখ্য যে দেশী জনগোষ্ঠীয় লোক সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠী টোক চৰকাৰী ভাবে খিলঞ্জীয়া মুছলমান স্বীকৃতি দিয়াত সকলোৰে মাজত বিৰিঙিছে সন্তুষ্টিৰ হাঁহি আৰু তাৰেই বহিঃপ্ৰকাশ ঘটিল এই বিজয়োৎসৱত |নগৰবেৰা মণ্ডল বিজেপি’ৰ সভাপতি পবিত্ৰ কুমাৰ মেধিয়ে উপস্থিত কেবা সহস্ৰাধিক ৰাইজক চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত বুজাই দিয়ে |বিজয়োৎসৱটিক লৈ আৱতৰীয়া উলাহৰ ঢৌ নামিল বৃহত্তৰ জামলাই অঞ্চলত |

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস 

You might also like