নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাকৰ্মী হিচাপে সেৱা আগবঢ়োৱা নাওবৈচাৰ জায়েদা খাতুনৰ সফলতাৰ কাহিনী

  স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত সেৱা আগবঢ়াই ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ জায়েদা খাতুনৰ :

 নিয়মীয়া বার্তা, ২৫ জুলাই: গ্ৰামাঞ্চলৰ  সকলো শ্ৰেণীৰ  ৰাইজৰ বাবে স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে তৃণমূল পৰ্যায়ত সৃষ্টি কৰা আশাকৰ্মী পদে ৰাজ্যৰ গ্ৰামাঞ্চল মহিলা সকললৈ কঢ়িয়াই আনিছে এক নতুন আশাৰ বাৰ্তা।আশাকৰ্মী হিচাপে একেবাৰে তৃণমূল পৰ্যায়ত স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত সৰ্বসাধাৰণ ৰাইজৰ বাবে স্বাস্থ্য সেৱা আগবঢ়াই সমাজ সেৱা কৰাৰ লগতে স্বাৱলম্বী হোৱা অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে  ৰাজ্যৰ বহু আশাকৰ্মী । শেহতীয়াকৈ ২০২১-২২ বৰ্ষত আশাকৰ্মী হিচাপে গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই দুই লক্ষাধিকতকৈ অধিক টকা উপাৰ্জন কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে গাঁৱৰ  মহিলা সকলক  উপাৰ্জন এটা নতুন সোণালী পথৰ সন্ধান দিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অধীনস্থ গড়ছিগা ১০ খন বিচনাযুক্ত চিকিৎসালয়ৰ অন্তৰ্গত পশ্চিম পানধোৱা গাঁৱৰ আশাকৰ্মী হিচাপে ২০০৬ চনত যোগদান কৰে। স্বামীহীন জায়েদা খাতুনে ছয় টা সন্তানৰ দায়িত্ব পালন কৰা সমান্তৰালভাৱে আশাকৰ্মী হিচাপে নিজৰ কৰ্তব্য পালন কৰি শেহতীয়া ৰাজ্যৰ ভিতৰতে শীৰ্ষ মাননী পোৱা সকলৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। জায়েদা খাতুনে ২০২১ বিত্তীয় বৰ্ষত মাহে ১৮১৩৫ টকা গড়ে বছেৰেকত ২১৭৬৩০ টকা উপাৰ্জন কৰি ৰাজ্যৰখনৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি নিজেই আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা লগতে গ্ৰামাঞ্চল মহিলা সকলৰ বাবে এই আদৰ্শ মহিলা হিচাপে চিহ্নিত হৈছে। জায়েদা খাতুন ১৬বছৰীয়া কাৰ্যকালত  গাঁওখনৰ ১৫০ গৰাকী মহিলাক বন্ধ্যাকৰণ , ১০ জন পুৰুষক পুৰুষ বন্ধ্যাকৰণ কৰোৱাই নাওবৈচা খণ্ড প্ৰাথমিকচিকিৎসালয়ৰ ভিতৰতে সৰ্বাধিক বন্ধ্যাকৰণ কৰোৱা আশাকৰ্মী হিচাপে চিহ্নিত হয়। তাৰোপৰি জায়েদা খাতুনে মাহে ১৮ গৰাকী মহিলা সন্তান প্ৰসৱ কৰাৰ বাবে নাওবৈচা প্রাথমিক চিকিৎসালয়ৰ ভৰ্তি কৰোৱাইয়ো আন এক অভিলেখ গঢ়ে। টাতোতকৈ লক্ষণীয় দিশ হল যে জায়েদা খাতুনৰ কৰ্ম দক্ষতাৰ বাবেই  আশাকর্মী এলেকাটোত  যোৱা ১৬ বছৰে কোনো মহিলাই  ঘৰত সন্তান প্ৰসৱ নকৰাটোও গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে। তদুপৰি যোৱা মে-জুন মাহত হোৱা সংহাৰী   বানত সময়ত আশাকৰ্মী জায়েদা খাতুনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বান বিধ্বস্ত পশ্চিম পানধোৱাৰে তিনি হাজাৰ লোকক থাউকতে প্ৰয়োজনীয়  প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়াই অঞ্চলটো সকলোৰে  প্রিয়পাত্ৰ হৈ পৰাৰ লগতে  লখিমপুৰ স্বাস্থ্য বিভাগৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। জায়েদা খাতুনৰ এই কৰ্মদক্ষতাই সমাজত স্বাস্থ্য সেৱা মাধ্যমেৰে সমাজ সেৱা কৰাৰ লগতে নিজেই আৰ্থিক ভাৱে স্বাৱলম্বী হৈ গ্ৰামাঞ্চল মহিলা সকলৰ বাবে এক আদৰ্শ প্ৰতীক হৈ জিলিকি উঠিছে।

প্ৰেৰক:- নিতুল বৰা

You might also like