নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতাধিক ডাক্তৰৰ দেহত ক’ভিড

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ  পুনৰ ক’ভিডৰ আতংকই দেখা দিছে দেশত। আকৌ যেন সকলো স্থবিৰ হোৱাৰ সময়। সেই দুঃসময়বোৰ ওভোতাই কাকো নালাগে যদিও তেনে এক পৰিস্থিতিয়ে উদ্ভৱ হোৱাৰ আশংকা দেখা গৈছে। ইখনৰ পাছত সিখন চহৰ-নগৰ-ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰগতিত বাঢ়িছে। এইবাৰ শতাধিক ডাক্তৰৰ দেহত ক’ভিড ১৯ ধৰা পৰিছে পাটনাত। বিহাৰৰ ৰাজধানী চহৰখনতযোৱা দুদিনত ১০০ গৰাকী ডাক্তৰ ক’ভিড পজিটিভ ওলাইছে। ইয়াৰে ৯৬ গৰাকীয়ে নালন্দা মেডিকেল কলেজ হাস্পাতালৰ।উল্লেখনীয় যে, বিহাৰত ক’ভিড পজিটিভৰ সংখ্যা এহাজাৰৰ অধিক হৈছে। ইয়াৰে অৰ্ধেকজনেই ৰাজধানী পাটনাৰ। যোৱা দহদিনত ক’ভিড ভয়ংকৰভাৱে বাঢ়িছে ৰাজ্যখনত।

You might also like