নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰলৈ এদিনৰ দৰমহা আগবঢ়ালে ১০ হাজাৰ কলেজ শিক্ষকে

নিয়মীয়া বাৰ্তা, ১৯ মেঃ  ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলৰ বাবে বিশেষ ভেকচিন প্রদান কার্যসূচী গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসম কলেজ শিক্ষক সংস্থাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন পত্রযোগে এই আহ্বান জনাই কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা আৰু সাধাৰণ সম্পাদক হিমাংশু মড়লে কয় যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে শৈক্ষিক খণ্ড ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলক ভেকচিন প্রদান নকৰিলে পুনৰ স্বাভাৱিক পাঠদানৰ বাবে তেওঁলোকক আহিবলৈ অভিভাৱকে সন্মতি প্রদান নকৰিব৷ সেয়েহে মহাবিদ্যালয়সমূহত্ পুনৰ স্বাভাৱিক পৰিৱেশ ওভতাই আনিবলৈ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলক ভেকচিন প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰিব লাগিব৷

ইপিনে, শিক্ষার্থীক ভেকচিন প্রদান প্রক্রিয়াত যাতে সমস্যাৰ সন্মুখীন নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কলেজ শিক্ষকসকলে এদিনৰ দৰমহা ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে৷ ৰাজ্যৰ ১০ হাজাৰ কলেজ শিক্ষকসকলৰ এদিনৰ দৰমহা প্রায় তিনি কোটি টকা কলেজ শিক্ষকসকলৰ মাহিলি দৰমহাৰ পৰা এদিনৰ ধন প্রত্যক্ষভাৱে কর্তন কৰাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব পাৰিব বুলিও তেওঁলোকে পত্রখনত উল্লেখ কৰিছে৷

You might also like