নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ ঊর্ধ্বৰ ব্যক্তিৰ হোম আইছ’লেচনত ২০টা চর্ত বান্ধি দিছে স্বাস্থ্য বিভাগে; কি কি আছে চাওক

ঘৰত ক’ভিড ৰোগী থাকিলে পৰিয়ালৰ সকলোৱেই পিন্ধিব লাগিব মাস্ক

নিয়মীয়া বাৰ্তা, ১৯ মেঃ  ক’ৰোনাত আক্রান্ত হৈ হোম আইছ’লেচনত থকা ৫০ ঊর্ধ্বৰ ব্যক্তিৰ বাবে ২০টা চর্ত বান্ধি দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ ৫০ বছৰ অথবা তাতোকৈ বেছি বয়সৰ আৰু আন ৰোগত আক্রান্ত হৈ থকা ক’ৰোনা ৰোগীক প্রতিষ্ঠান আইছ’লেচনৰ পৰামর্শ দিয়া হৈছে যদিও এনে ব্যক্তিৰ ক্ষেত্রত নতুনকৈ মঙলবাৰে কিছু নির্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি উপসর্গবিহীন আৰু কোনোধৰণৰ কোনোধৰণৰ গুৰুতৰ ৰোগত আক্রান্ত হৈ নথকা বুলি চিকিৎসকে প্রমাণ–পত্র প্রদান কৰা ৫০ ঊর্ধ্বৰ ব্যক্তিকহে হোম আইছ’লেচনত থকাৰ অনুমতি দিয়া হ’ব৷

হোম আইছ’লেচনত থাকিব বিচৰা এনে ব্যক্তিসকলৰ ঘৰত টয়লেটসংলগ্ন সুকীয়া ভেণ্টিলেচন থকা কোঠা থাকিব লাগিব৷ এনেধৰণৰ কোঠা নাথাকিলে তেওঁলোকক হোম আইছ’লেচন প্রদান নকৰে বিভাগে৷ তদুপৰি তেনে ব্যক্তিৰ ঘৰত থাকিব নোৱাৰিব আন ৰোগত আক্রান্ত ৬০ ঊর্ধ্বৰ ব্যক্তি, গর্ভৱতী মহিলা আৰু ক’ভিডৰ ক্ষেত্রত স্পর্শকাতৰ বিবেচিত ব্যক্তি৷

হোম আইছ’লেচনত থকা ৰোগীৰ ক্ষেত্রত তেওঁলোকৰ সম্পূর্ণ বাসগৃহ ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব৷ তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলে হোম আইছ’লেচনৰ চতুর্থ দিনা ক’ভিড পৰীক্ষা কৰিব লাগিব৷ যদিহে চতুর্থ দিনৰ পূর্বেই তেওঁলোকে ক’ভিডৰ লক্ষণত আক্রান্ত হয়, তেতিয়াহ’লে সমীপৱর্তী পৰীক্ষা কেন্দ্রত পৰীক্ষা কৰিব লাগিব৷ যদিহে এই ৰোগীসকল কোনো এপার্টমেণ্টৰ বাসিন্দা অথবা অতি ঘন বাসিন্দা থকা অঞ্চলৰ লোক তেনেহ’লে ওচৰ–চুবুৰীয়াই বিৰোধিতা কৰিলে তেওঁলোকক হাস্পতাললৈ স্থানান্তৰ কৰা হ’ব৷ কোনো ৰোগী হোম আইছ’লেচনত থকাৰ সময়ত তেওঁলোকৰ পৰিয়ালে সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব৷ তেনে ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ যতনৰ বাবে এজন ব্যক্তিগত চিকিৎসকৰ সৈতে পৰামর্শৰ বাবে যোগাযোগ কৰিব পৰা ব্যৱস্থা থাকিব লাগিব৷

ব্যক্তিগত চিকিৎসক নাথাকিলে হোম আইছ’লেচন প্রদান কৰা নহ’ব৷ তেওঁলোকে লগত পালচ্ অক্সিমিটাৰ আৰু থার্মোমিটাৰ ৰাখিব লাগিব৷ সময়ে সময়ে তেওঁলোকে শৰীৰত অক্সিজেনৰ মাত্রা পৰিমাপ কৰিব লাগিব৷ শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৫ শতাংশতকৈ হ্রাস পালে লগে লগে অভিভাৱক অথবা সহায়কাৰীয়ে তেওঁলোকক হাস্পতাললৈ স্থানান্তৰ কৰিব লাগিব৷ হোম আইছ’লেচনত থাকিব বিচাৰিলে তেনে ৰোগীৰ ঘৰত এখন ব্যক্তিগত বাহন অনবৰতে সাজু হৈ থাকিব লাগিব, যাতে যিকোনো জৰুৰীকালীন অৱস্থাত তেওঁক হাস্পতাললৈ লৈ যাব পাৰে৷ ১০৪ সেৱাই কামৰূপ মহানগৰ জিলাৰ হোম আইছ’লেচনত থকা ৰোগীসকলক নিয়মীয়াভাৱে যোগাযোগ কৰিছে৷ এইক্ষেত্রত তেওঁলোকে ১০৪ সেৱাক সহযোগিতা কৰিব লাগিব আৰু সকলো সঠিক তথ্য অৱগত কৰিব লাগিব৷

You might also like