নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,৭৪৬ কোটি টকাৰ বাজেট গ্রহণ বিটিচিত

অধিৱেশন বর্জন কৰি পিকনিকত ব্যস্ত থাকিল বিপিএফৰ পাৰিষদ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ পিকনিক খোৱা বাদ দি সদনলৈ আহক বিপিএফ দলৰ নির্বাচিত প্রতিনিধিসকল৷ অকল শাসনত থাকিলে সদনলৈ আহিব আৰু শাসনত নাথাকিলে সদনলৈ নাহিব, সেয়া গৰিহণাৰ যোগ্য৷ ৰাইজে যিহেতু নির্বাচিত কৰিছে সেয়ে ৰাইজৰ প্রতিনিধি হিচাপে তেওঁলোক সদনত থকাটো উচিত৷ –এই মন্তব্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷ প্রমোদ বড়ো নেতৃত্বাধীন বিজেপি–ইউপিপিএল আৰু জিএছপিৰ সন্মিলিত পৰিষদীয় চৰকাৰখনে আজি সদনত প্রথমখন বাজেট উত্থাপনৰ সময়ছোৱাত বিৰোধী দল তথা বিপিএফৰ নির্বাচিত পাৰিষদবৃন্দ অনুপস্থিত থকাত উক্ত মন্তব্য প্রকাশ কৰিছে প্রমোদ বডোৱে৷ মন্ত্রী চন্দন ব্রহ্মই আজি বিটিচিৰ নির্বাচিত সদস্যসকলক লৈ চিৰাং জিলাত পিকনিক পাতিছে বুলি মন্তব্য কৰি প্রমোদ বডোৱে কয় যে বিগত ১৫ বছৰে সংসদীয় অভিজ্ঞতাৰে পৰিপুষ্ট, একালৰ বিটিচিৰ উপ–মুখ্য আৰু বর্তমানৰ মন্ত্রী চন্দন ব্রহ্মৰ এনে দায়িত্বজ্ঞানহীনতা মুঠেই গ্রহণযোগ্য নহয়৷ নির্বাচিত সদস্যসকলক সদনলৈ আহি সদনৰ কাম–কাজ তথা আলোচনাত অংশগ্রহণ কৰাৰ আহ্বান জনাইছে প্রমোদ বড়োৱে।

আনহাতে, পূর্বৰ বিটিচি চৰকাৰে ২,৩০০ কোটি টকা আদায় দিবলৈ বাকী ৰাখি গৈছে আৰু এয়া নৱনির্বাচিত চৰকাৰৰ বাবে উপহাৰ বুলি কটাক্ষ কৰি প্রমোদ বড়োৱে কয় যে হাগ্রামা মহিলাৰীৰ বিভাগ লোকনির্মাণ ১০০০ কোটি, চি ডি বিভাগত ৩৫০ কোটি বকেয়া আদায় দিবলৈ বাকী আছে৷ এই সকলোবোৰৰ ওপৰত বিভাগীয় তদন্ত হ’ব, মুখ্যমন্ত্রী ভিজিলেঞ্চ চেলৰ তদন্ত হ’ব আৰু প্রয়োজনবশতঃ চিবিআই তদন্তও হ’ব বুলি মন্তব্য কৰি দুর্নীতি কৰা কোনেও সাৰি নাযাব বুলি ঘোষণা কৰিছে প্রমোদ বডোৱে৷ উল্লেখ্য যে আজি প্রমোদ বডো নেতৃত্বাধীন বিজেপি–ইউপিপিএল আৰু জিএছপিৰ সন্মিলিত পৰিষদীয় চৰকাৰখনে সদনত বাজেট উত্থাপন কৰে৷ সর্বমুঠ ৩৯টা বিভাগৰ বাবে ২০২০–২১বর্ষৰ বাবে ১,৭৪৬ কোটি ৪৬ লাখ ২২ হাজাৰ টকাৰ বাজেট দাখিল কৰে আৰু সর্বসন্মতিক্রমে গৃহীত হয়৷ এইবেলি শিক্ষা, যাতায়াত, গ্রাম্য উন্নয়নত অধিক গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰিছে প্রমোদ বডোৱে৷ প্রশ্ণোত্তৰ শিতানত কেইবাগৰাকী নির্বাচিত সদস্যই প্রশ্ণ উত্থাপন কৰে৷

You might also like