নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ স্বার্থবিৰোধী কামত লিপ্ত ৰাষ্ট্রীয় ৰাজনৈতিক দল

ডিফুত এএছডিচিৰ অধিৱেশনত লুৰিণজ্যোতি গগৈ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ পার্বত্যভূমিৰ আঞ্চলিক দল এ এছ ডি চিৰ সৈতে ঐক্যবদ্ধভাৱে ৰাজনৈতিক যাত্রা কৰিব অসম জাতীয় পৰিষদে৷ কার্বি আংলঙৰ ডিফুত কালিৰে পৰা চলি থকা এএছডিচিৰ দশম সাধাৰণ অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি এই ঘোষণা কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ এএছডিচিৰ তৰফৰ পৰা উষ্ণ আদৰণি জনোৱাৰ পাছতে ভাষণ দি গগৈয়ে কয় যে এএছডিচি দলে খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষাৰ বাবে দীর্ঘদিন ধৰি সংগ্রাম কৰি আহিছে৷ এই যাত্রাত এজেপিৰ সংগী হৈ অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাব৷ ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে ৰাষ্ট্রীয় ভাবধাৰাক খিলঞ্জীয়াৰ ওপৰত জাপি দিয়াৰ চেষ্টা চলাই আহিছে বুলি মন্তব্য কৰি গগৈয়ে কয় যে এনে কৰিবলৈ যাওঁতে দলসমূহে খিলঞ্জীয়াৰ স্বার্থবিৰোধী কামত লিপ্ত হৈছে৷ ইয়াৰ পূর্বে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত এজেপিৰ সভাপতিগৰাকীয়ে বৰাক–ব্রহ্মপুত্র উপত্যকাৰ উপৰি ৰাজ্যৰ পার্বত্য জিলাতো এজেপিৰ শক্তিশালী সাংগঠনিক ভেটি গঢ় লৈ উঠিছে বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে ক্ষুদ্র ক্ষুদ্র আঞ্চলিক শক্তিসমূহক লৈহে অসমৰ সামূহিক জাতীয়তাবাদ প্রতিষ্ঠা হ’ব৷ আনহাতে, ৰাষ্ট্রীয় ৰাজনৈতিক শক্তিসমূহৰ সৈতে মিত্রজোঁটত নথকা সকলো আঞ্চলিক শক্তিক লৈ এজেপিয়ে স্বতন্ত্র আঞ্চলিক ধাৰা প্রতিষ্ঠাৰ পক্ষপাতী৷ বিপিএফ, ৰাইজৰ দলৰ সৈতেও এই সন্দর্ভত আলোচনা অব্যাহত আছে বুলি কয় গগৈয়ে৷ উল্লেখ্য যে দুদিনীয়া কার্যসূচীৰ এএছডিচিৰ দশম সাধাৰণ অধিৱেশনখনৰ আজি সামৰণি পৰে৷ দলটোৰ সকলো পর্যায়ৰ নেতা–কর্মীয়ে অংশগ্রহণ কৰা অধিৱেশনত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন কার্যপন্থা গ্রহণ কৰা হয়৷ লগতে কংগ্রেছ–বিজেপিৰ দৰে সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে সুস্থ গণতন্ত্রত বিশ্বাসী আঞ্চলিক শক্তিৰ সৈতে ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হ’বলৈ অধিৱেশনত সিদ্ধান্ত গ্রহণ কৰা হয়৷

You might also like