নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ৰাজতীয়াত ২০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ সম্পন্ন

যোৰহাটৰ ৰাজতিয়া গাঁৱত পুনৰ দেখা গ’ল এক ব্যতিক্ৰমী সামাজিক উদ্যোগ। আৰ্থিক অসুবিধাৰ বাবে বিবাহ সম্পন্ন কৰিব নোৱাৰা দুখীয়া পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ৰাজতীয়া গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এইবাৰো আয়োজন কৰা হয় ২০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ অনুষ্ঠান।

বিগত বহু বছৰৰ দৰে এইবাৰো দুদিনীয়াকৈ আয়োজিত এই সামূহিক বিবাহ অনুষ্ঠান সম্পূৰ্ণ বৈদিক নিয়ম-নীতি অনুসৰি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বেণ্ড পাৰ্টি, ঢোলে-দগৰে পানী তোলা, গাঁথিয়ন আদি সকলো পৰম্পৰাগত নিয়ম পালন কৰা হয়।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মুখৰিত হৈ উঠে সমগ্ৰ বিবাহস্থলী। একেলগে ২০ জোৰা দৰা-কইনাৰ বৈবাহিক বন্ধনত আবদ্ধ হোৱাৰ দৃশ্যই আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।

সামাজিক সম্প্ৰীতি আৰু মানৱীয় মূল্যবোধক আগুৱাই নিয়াৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

ডিজিটেল ডেস্ক, ১৪ মে’

You might also like