নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী, স্বস্তিৰ নিশ্বাস স্থানীয় লোকৰ

যোৰহাট জিলাৰ মৰিয়নি শিলিখা চাহ বাগিচাৰ ঢপাদবাৰী ডিভিজনত কিছুদিন ধৰি আতংকৰ সৃষ্টি কৰি থকা এটা নাহৰফুটুকী অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নিশাৰ ভাগত নাহৰফুটুকীটো পিঞ্জৰাত সোমাই পৰাত বন বিভাগে সফলতাৰে উদ্ধাৰ অভিযান সম্পন্ন কৰে।

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি অঞ্চলটোত নাহৰফুটুকীৰ অৱাধ বিচৰণে চাহ বাগিচাৰ শ্ৰমিক আৰু স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল। দুদিন পূৰ্বে এগৰাকী মহিলা শ্ৰমিক নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল। আহত মহিলাগৰাকী বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত চিকিৎসাধীন হৈ আছে।

নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে ঢপাদবাৰী অঞ্চলৰ ৰাইজে। ইফালে, বন বিভাগে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে বন্যপ্ৰাণীৰ চলাচল দেখা পালে তৎক্ষণাত বিভাগটোক খবৰ দিবলৈ অনুৰোধ জনাইছে।

ডিজিটেল ডেস্ক, ১৪ মে’

You might also like