নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা জনজাতি কৰ্মচাৰী সন্থাৰ নতুন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত জনজাতি কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰে বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা জনজাতি কৰ্মচাৰী সন্থাক অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে লক্ষেশ্বৰ বৰদলৈক সভাপতি আৰু মানস প্ৰতিম পাতৰক সম্পাদক ৰূপে লৈ এক শক্তিশালী সমিতি গঠন কৰা হৈছে। সেই উদ্দেশ্যে কালি মৰিগাঁও শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়ত বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মনেশ্বৰ দেউৰী, তিৱা সাহিত্য সভাৰ উপ সভাপতি শৰৎ চন্দ পাতৰ, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা গিৰিন্দ খাটনিয়াৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি চিমল দেউৰী আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অনাগত সময়ত সংগঠনটোক অধিক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰা হয়।

সৰ্বমুঠ ৩৫ জনীয়া কমিটি খন গঠনৰ পিছত নৱ নিৰ্বাচিত সম্পাদক মানস প্ৰতিম পাতৰে এই সংগঠন তোৰ জৰিয়তে জিলাখনৰ জনজাতি কৰ্মচাৰী সকলৰ বহু দিনীয়া অভাৱ অভিযোগ দূৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে।

You might also like