নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহাৰঘাট শঙ্কৰদেৱ বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ: ৫৯২ নম্বৰেৰে তৃতীয় স্থানত মৃগাংক ভট্টাচাৰ্য্য 

বাহাৰঘাট শঙ্কৰদেৱ বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ: তৃতীয় স্থানত মৃগাংক ভট্টাচাৰ্য্য 

নিয়মীয়া বাৰ্তা, ২২মে’: এশ শতাংশ উত্তীৰ্ণ ৰে উজলাই তুলিলে শঙ্কৰদেৱ বিদ্যা নিকেতন ,বাহাৰঘাট ।
নলবাৰী জিলাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ উঠিছে ।আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ ছাত্ৰ তথা বৰখালা গাঁওৰ সংস্কৃত শিক্ষক দিলীপ ভট্টাচাৰ্য্য আৰু নৱনীতা দেবীৰ কনিষ্ঠ পুত্ৰ মৃগাংক ভট্টাচাৰ্য্যই তৃতীয় স্থান দখল কৰে । মৃগাংক ভট্টাচাৰ্য্য বিদ্যালয়ত উপস্থিত হোৱাৰ লগে-লগে উষ্ম আদৰণি জনোৱাৰ লগতে আনন্দ উল্লাসত বিভোৰ হৈ পৰে ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ লগতে শুভকাংশী সকল। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ৫৬ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মৃগাংক ভট্টাচাৰ্য্যই ৫৯২ নম্বৰ লাভ কৰি অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰাৰ লগতে ১৬ জন ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ , ৫১ জন প্ৰথম বিভাগ, ৫ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ এশ শতাংই উত্তীৰ্ণ হবলৈ সক্ষম হয় ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like