নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টম স্থানত উজ্বলিল ধলপুৰৰ কুলদীপ হাজৰিকা

 

  • ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসাহৰ ঢৌ 
  • শিক্ষক-শিক্ষাৰ্থীয়ে কুলদীপক লৈ ৰাজপথত শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ২২ মে:- আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ দহটা স্থানৰ ভিতৰত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কুলদীপ হাজৰিকাই ৷ ফলাফলৰ খবৰ লাভ কৰা লগে লগে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ,শিক্ষক-শিক্ষয়েত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰে ৷ কুলদীপ হাজৰিকাৰ মাতৃ মনিকা হাজৰিকা,মোমায়েক মিন্টু দাস আৰু পৰিয়ালৰ লোক বিদ্যালয়ত উপস্থিত হয় । কুলদীপক বিদ্যালয় কতৃপক্ষ,ছাত্ৰ একতা সভা আৰু ব্যক্তি বিশেষে গামোচাৰে উষ্ম আদৰণি জনাই ৷ ইয়াৰ পাছতে ঢোলেদগৰে মেধাৱী ছাত্ৰ গৰাকীক লৈ ৰাজপথত এক শোভাযাত্ৰা কৰা হয়। ধলপুৰৰ নিবাসী মনিকা হাজৰিকাৰ পুত্ৰ কুলদীপ হাজৰিকা সৰুৰে পৰা এগৰাকী মেধাবী ছাত্ৰ আছিল বুলি ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যৰঞ্জন বৰাই জানিবলৈ দিয়ে । কুলদীপে চিকিৎসক হোৱাৰ সপোন বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

## মাধূৰ্য দাস,ধলপুৰ ##

You might also like