নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত ৭২ গৰাকী ক’ভিড পজিটিভ, মুম্বাইফেৰৎ একেটা পৰিয়ালৰ ৪ জন আক্ৰান্ত

নিয়মীয়া বাৰ্তা,  ১৯ এপ্ৰিলঃ ক’ৰোনাৰ দ্বিতীয় ঢৌত  চিৰাঙতো ক্ৰমে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আজি জিলাখনৰ সদৰ মহকুমাৰ অন্তৰ্গত দুঠাইত নতুনকৈ ৬ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

ৰেপিড এন্টিজেন টেষ্টত জিলাখনৰ বাসুগাঁৱত ৫ জন আৰু গৰুভাষাত এজনৰ ক’ভিড পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে। বাসুগাঁৱত ক’ভিড পজিটিভ ধৰা পৰা পাঁচজনৰ ভিতৰত এজন লামডিঙৰ পৰা অহাৰ বিপৰীতে আন ৪ জন মুম্বাইফেৰৎ একেটা পৰিয়ালৰ বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।

আটাইকেইজনকে হোম কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। আজিলৈকে জিলাখনত মুঠ ৭২ গৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ১৫ জনে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৭ গৰাকীয়ে হোম কোৱাৰেন্টাইনত আছে।

You might also like