নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিপিন্ধো মাস্ক, বেছিকৈ চুমাহে খাম, কি কৰিব?’- ৰাজপথত মহিলাৰ কথা শুনি অবাক আৰক্ষী

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশত ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণক লৈ প্ৰশাসনৰ ফালৰ পৰা দেশজুৰি চলি থকা সতৰ্ক অভিযানৰ মাজতে ৰাজধানী দিল্লীত ঘটিল এক আজব ঘটনা। আজব এই কাৰণে যে এটি দম্পতীয়ে দেশত সহস্ৰৰ ঘৰত ক’ৰোনাৰ কাৰণে মানুহৰ মৃত্যু হৈ থকাৰ পিছতো ক’ৰোনাক মিছা বুলি প্ৰকাশ কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়।

দিল্লীৰ ৰাজপথত আৰক্ষীয়ে ক’ভিড নিৰ্দেশনা আৰু সপ্তাহান্তৰ কাৰফিউ নিয়ম উলংঘা কৰাক লৈ সোধা-পোছা কৰাৰ সময়তে দম্পতীটো আৰক্ষীৰে প্ৰবল দম্ভৰে তৰ্কযুদ্ধত লিপ্ত হয়। বিশেষকৈ পত্নীগৰাকীয়ে ক’ৰোনা এক মিছা কথা আৰু ইয়াৰ অচিলাতে আৰক্ষীয়ে জৰিমনা সংগ্ৰহ কৰাৰ ফান্দ পতা বুলি উল্লেখ কৰে।

চিঞৰি চিঞৰি আৰক্ষীৰ ওচৰত দম্ভালি মৰা উদ্ধত মহিলাগৰাকীয়ে মাস্ক নিপিন্ধাক লৈ উত্তৰ দিবলৈ গৈ আৰক্ষীৰ আগত মন গলে নিজ স্বামীক চুমা খালে আৰক্ষীয়ে কি কৰিব বুলিও প্ৰশ্ন কৰে।

বেছ কিছু সময় তৰ্কত লিপ্ত হোৱা পত্নীগৰাকীৰ অৱশেষত ঘটনাস্থলীলৈ মহিলা আৰক্ষী আনি থানালৈ লৈ যোৱা হয়। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।  এই সমস্ত ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

You might also like