নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত দুৰ্ঘটনা : থিতাতে নিহত এক, দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ চিমেন চাপৰি থানাৰ অন্তৰ্গত ডেকাপাম কুঁহিয়াৰবাৰীৰ ৫১৫নং  ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দিনৰ ৩.৩০ মান বজাত জোনাইৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ  থকা  এ এছ-২২ জি-৭০৬৩ নম্বৰৰ এখন মটৰ চাইকেল আৰু চিলাপথাৰৰ পৰা জোনাই দিশে  গৈ থকা এ এছ-২২ চি-৪৬৫৬ নম্বৰৰ  এখন বাৰচকীয়া ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাতো সংঘটিত হয় । দুৰ্ঘটনাত থিতাতে নিহত হয় চিলাপথাৰৰ ছ’ছাইটিৰ তথা সীতাৰাম টায়ে টাউন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিৰাজ সোণাৰ নামৰ যুৱকজন। মটৰচাইকেলত অহা দুজন আৰোহী একেখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্র। গুৰুতৰভাৱে ছাত্র দুজনক ডেকাপাম ক্ষূদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ছাত্র তিনিজন চিলাপথাৰৰ পৰা আহি ডেকাপামৰ অঞ্চলৰ অৰুণাচল প্ৰদেশত ঘূৰি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে।

প্ৰেৰক কৰবী দলে

You might also like