নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ দেউকুৰাত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল বলে’ৰ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: আজি সন্দিয়া কলগাছিয়াৰ দেউকুৰাত গড়কাপ্তানি পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। উত্তৰ লক্ষীমপুৰৰ পৰা কলগাছিয়াৰ লাচাংগা অভিমুখে গৈ থকা বলে’ৰ গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে কাৰেণ্টৰ খুটাত খুন্দা মাৰি পিছলৈ দ’ পুখুৰীত পানীৰ তলত সোমায়। লগে লগে স্থানীয় ৰাইজে শব্দ শুনি দৌৰা দৌৰি কৈ আহি পানীৰ তলত ডুবি থকা গাড়ীখনৰ গ্লাছ ভাঙি জাভেদ আলী মণ্ডল, হজৰত আলী আৰু ৰোহিত বসুমতাৰী এই তিনিও জন ব্যক্তিক উদ্ধাৰ কৰি কলগাছিয়া বৰপেটা অসামৰিক চিকিৎস্যালয় লৈ প্ৰেৰণ কৰে।

ইয়াৰে চালক ৰোহিত বসুমতাৰীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎস্যকে বৰপেটা অসামৰিক চিকিৎস্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে লাচাংগা গাঁৱৰ ব্যৱসায়ি জাভেদ আলীয়ে নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। পানীৰ তলথ ডুব গৈ থকাৰ বাবে গাড়ীখনৰ নম্বৰ জানিব পৰা হোৱা নাই।

Input: মফিদুল ইছলাম,কলগাছিয়া

You might also like