নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল দাড়ি-টুপী দেখিয়েই কাৰোবাক সাম্প্ৰদায়িক বুলি ক’লে নচলিব ! AIUDFৰ সমৰ্থনত অজিত ভূঞা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ “কেৱল দাড়ি-টুপী দেখিয়েই কাৰোবাক সাম্প্ৰদায়িক বুলি ক’লে নচলিব !”- এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।

সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত সাংসদ ভূঞাই AIUDF ক সমৰ্থন কৰি কয় যে ২১ ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে যদি ভোট ভাগ ভাগ হয়, তেন্তে আমি সঠিক ৰণকৌশল প্ৰস্তুত কৰিব নোৱাৰিম আৰু বিজেপিক আমি পৰাভূত কৰিব নোৱাৰিম। দীৰ্ঘদিনৰ পৰা ৰাজনৈতিক উত্থান-পতন যিধৰণে মই লক্ষ্য কৰিছো এতিয়া যি বিপদ আহিছে, সেই সময়ত আমি হাতে হাত মিলাই তাক প্ৰতিহত কৰিব লাগিব। ডাঙৰ শিল এটা বাগৰাবৰ কাৰণে আমি সকলোৱে লগ হৈ তাক হেচা মাৰিলেহে সি বাগৰি পৰিব। গতিকে শত্ৰুক এটা পৰ্যায়ত ৰাখিব নোৱাৰি। ইয়াৰোপৰি তেওঁ কয়, “কেৱল দাড়ি-টুপী দেখিয়েই কাৰোবাক সাম্প্ৰদায়িক বুলি ক’লে নচলিব ! কথাবিলাকৰ এক বাস্তৱ ভিত্তি থাকিব লাগিব।”

You might also like