নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ কেন্দ্ৰীয় সমিতিত বিষয়বাব লাভ কৰা মৰিগাঁৱৰ দুই আছু নেতাক উষ্ম আদৰণি মৰিগাঁও জিলা আছুৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ দীৰ্ঘসময়ৰ বিৰতিৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা মৰিগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা দুগৰাকী আছু নেতা উৎপল শৰ্মা আৰু নৱ কুমাৰ নাথক আজি মৰিগাঁও জিলা আছুৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয়। উল্লেখ্য এইবাৰ আছুৰ দুলিয়াজন অধিবেশনত নৱ গঠিত কেন্দ্ৰীয় সমিতিত মৰিগাঁও ৰ মেধাবী তথা বাকপটু ছাত্ৰ নেতা উৎপল শৰ্মাই সহ সাধাৰণ সম্পাদক ৰূপে কার্য ভাৰ গ্ৰহণ কৰিছে। ঠিক সেইদৰে নৱ কুমাৰ নাথে সাংগঠনিক সম্পাদক ৰূপে দায়িত্ব লাভ কৰিছে। আজি দুই গৰাকী ছাত্ৰ নেতা মৰিগাঁও সদৰ আছুৰ কাৰ্যলয়ত মৰিগাঁও জিলা আছুৰ সভাপতি হিমাংশু মহন্ত আৰু সম্পাদক দিপুল কুমাৰ নাথে শৰাই গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই। । সম্বৰ্ধনা গ্ৰহন কৰি আছুৰ সহ সম্পাদক উৎপল শৰ্মাই কৈ যে জাতীয় জীৱনৰ জটিল ক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে আৰু কোনো ক্ষেত্ৰতে আপোচ নকৰাকৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাৰ গৌৰৱ ধবজ্জা সুনীল আকাশত উৰি থাকক সেয়াই হব তেওঁৰ একান্ত প্ৰচেষ্টা।

You might also like