নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান : নৱবৰ্ষক লৈ প্ৰশাসনৰ শেনচকু! ডিব্ৰুগড়ত সকীয়নি জি পি সিঙৰ

বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ ডিব্ৰুগড়ত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আজি হঠাৎ উপস্থিত হয়। ডিব্ৰুগড়ৰ নৱনিৰ্মিত নেগী গেষ্ট হাউচত সেনা বিষয়া, চিআৰপিএফৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙ।ডিব্ৰুগড়ৰ পৰাই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহণ কৰে জি পি সিঙে। বটদ্ৰৱাৰ উচ্ছেদৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে জি পি সিঙে। সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে ডিব্ৰুগড়ৰ অন্যান্য বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। বৈঠকৰ অন্তত বটদ্ৰৱাৰ উচ্ছেদ সম্পৰ্কে জি পি সিঙে গুৰুত্বপুৰ্ণ মন্তব্য কৰি কয় যে বৰ্তমানলৈ শান্তিপূৰ্ণ ভাৱে চলি আছে উচ্ছেদ অভিযান। উক্ত অঞ্চলত বহু লোকে অবৈধভাবে ভূমি দখল কৰি স্থায়ীভাবে বাসগৃহ বা ঘৰ নিৰ্মান কৰিছিল। সেইসকলকৰ নিজাকৈ ম্যাদী মাটি থকাৰ পাছতো এনদৰে অবৈধ দখল কৰিছিল।উচ্ছেদৰ পূৰ্বেই ৭০/৮০ শতাংশ লোকে স্বইচ্ছাই স্থান ত্যাগ কৰিছিল বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে মন্তব্য কৰি কয় যে যোৱা ১৪ ডিচেম্বৰতে উক্ত স্থানত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল।এতিয়ালৈ কোনো আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।যদিহে আজি উচ্ছেদ সম্পূৰ্ণ নহয় তেনেহ’লে কালি সম্পূৰ্ণ কৰি তোলা হব বুলিও সদৰী কৰে জি পি সিঙে। আনহাতে আলফাকে ধৰি উগ্ৰপন্থী সংগঠনৰ গতি-বিধি সন্দৰ্ভত আৰক্ষী অধিক কঠোৰ হোৱাৰ বিষয়ে উল্লেখ কৰি অসমৰ সৈতে সংলগ্ন চুবুৰীয়া ৰাজ্য অৰুনাচল আৰু নগালেণ্ডৰ সীমাত চোকা নজৰ ৰখাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল সহ উজনি অসমৰ জিলাকেইখনত আগন্তুক ২৬ জানুৱাৰী পূৰ্বে যাতে কোনো আইন শৃংখলা জনিত ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ আৰক্ষী বিভাগক সষ্টম হোৱাৰ নিৰ্দেশ প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে।ঘাইকৈ নগালেণ্ডৰ মন জিলাৰ সৈতে সংযুক্ত পথসমূহত অৰ্হনিশে পহৰাৰ ব্যৱস্থাৰো পৰামৰ্শ দিয়ে আৰক্ষী অধীক্ষকক।উগ্ৰপন্থী সংগঠনৰ হৈ যিসকল ব্যক্তিয়ে ধন সংগ্ৰহত নিয়োজিত হৈছিল,সেইসকলক গ্ৰেপ্তাৰ কৰি ইতিমধ্যেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰী কৰে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে। ইফালে সমাগত নতুন বছৰৰ পূৰ্বে ৩১ ডিচেম্বৰ পালন সম্পৰ্কে তথা আইন শৃংখলা জড়িত কেইবাটাও বিষয়ত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়াৰ বিষয়ে সদৰী কৰি কয় যে অহা ২৫ডিচেম্বৰ,৩১ ডিচেম্বৰ বা নতুন বছৰ আদৰণিৰ নামত সংঘটিত হব পৰা অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত আৰক্ষীক তীক্ষ্ণ দৃষ্টি ৰাখিব কোৱা হৈছে।যোৱা বছৰৰ দৰেই এইবাৰো পিকনিক বা নৱবৰ্ষ উদযাপনৰ নামত সুৰামত্ত হৈ বাহন চলোৱা,পিকনিক স্থলীত আইন-শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হোৱা আদি বিষয়ত আৰক্ষী,জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগক চোকা নজৰ ৰাখিবলৈকো নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জি পি সিঙে আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত উল্লেখ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like