নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুষ্কাৰ কোলাত উঠি হঠাৎ বিৰাটে ক’লে ‘ওয়ে তেৰি’! চাওক Video

নিয়মীয়া বার্তা, ৭ এপ্রিলঃ বিৰাট কোহলিৰ পত্নী তথা বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা সামাজিক মাধ্যমত অত্যন্ত সক্ৰিয়। কেতিয়াবা তেওঁ জীয়েকৰ ফটো পোষ্ট কৰে বা কেতিয়াবা তেওঁৰ ফটোশ্বুট পোষ্ট কৰে। কিন্তু এইবাৰ অনুষ্কাই স্বামী বিৰাটক কোলাত তুলি লোৱা এক ভিডিঅ’ই বিশেষ চৰ্চা লাভ কৰিছে। লগতে অভিনেত্ৰীগৰাকীয়ে নিজৰ বাইচেপও প্ৰদৰ্শন কৰিছে। যাৰ পাছতে তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ’টোক লৈ চৰ্চা অব্যাহত ৰাখিছে।

ভিডিঅ’ত দেখা গৈছে, অনুষ্কাই প্রথমতে বিৰাটক দুই হাতেৰে তোলাৰ চেষ্টা কৰিছে। সম্ভৱত কোনো বিজ্ঞাপনৰ শ্বুটিংত তেওঁলোক দুয়োগৰাকী ব্যস্ত আছিল। সেইসময়ত তেওঁলোকৰ কাষত আন লোকসকলো দেখা গৈছে। হঠাতেই বিৰাটক দুহাত লক কৰি উপৰলৈ তুলিলে অনুষ্কাই। তেওঁৰ বাহুবলক প্ৰশংসাও কৰিছে অনুৰাগীসকলে। বিৰাটেও প্রশংসা সূচক প্ৰতিক্ৰিয়া দিছে। ভিডিঅ’ত তেওঁৰ মুখৰ পৰা শুনা গৈছে, ‘ওয়ে তেৰি’। পঞ্জাবি আৰু উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চলত বাস কৰা লোকসকলে এই শব্দ ‘আচৰিত’ হ’লে কয়। ঠিক বিৰাটেও তেওঁৰ পত্নীৰ একেই শৈলীৰে শক্তিৰ প্ৰশংসা কৰিছিল। অনুষ্কাই এইটো কৰাৰ পিছত তাইৰ বাইচেপবোৰো দেখুৱাইছিল।

উল্লেখ্য যে অনুষ্কাই মাতৃ হোৱাৰ পাছৰ পৰা বলীউডৰ ছবিৰ কামৰ পৰা বিৰত আছে যদিও শীঘ্ৰে তেওঁ ৰূপালী পর্দালৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে।

চাওক Video-

 

View this post on Instagram

 

A post shared by AnushkaSharma1588 (@anushkasharma)

You might also like