নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থানীয় নেতৃত্বৰ সহমতত তিৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ অগপ আৰু এ জে পি গঠনৰ প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক আৰু দীৰ্ঘ এক সংগ্ৰামৰ অন্তত অসম গণ পৰিষদৰ গঠন হৈছিল আনহাতে নিৰ্দিষ্ট এক লক্ষ্য লৈ সীমিত সময়তে গঠন হৈছে নতুন দল এ জে পি। অসমৰ ৰাইজে আঞ্চলিকতাবাদ বুলিলে কেৱল অগপকে বুজে আৰু অসমৰ ৰাইজ অগপ ৰ সৈতে আছে। -মৰিগাঁও জিলা অগপৰ কাৰ্যলয়ত আজি অনুষ্ঠিত হোৱা এক দলীয় সভাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে জ্যেষ্ঠ অগপ নেতা মনোজ শইকীয়াই।

আগন্তুক তিৱা নিৰ্বাচনত অগপ দলে দলীয় বিধান পৰিসদ আৰু জিলা নেতৃত্বৰে হোৱা আলোচনাৰ ভিত্তিত বিভিন্ন সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰে জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে। আজি মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শৰ্মা, জ্যেষ্ঠ নেতা খালিচুদ্দিন আহমেদ, গৌতম বৰা , বিজয় নাথ আদিৰ উপস্থিতিত অগপ নেতাগৰাকীয়ে তিৱা নিৰ্বাচন সম্পৰ্কে বিশদ আলোচনা কৰে।

You might also like