নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলামত বিভিন্ন দলৰ ডেৰ শতাধিকৰ গণশক্তিত যোগদান

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ অসমৰ জাতীয় আৰু স্থানীয় সমস্যা সমাধানৰ বাবে আঞ্চলিক দলৰ বিকল্প নাই, তেনে লক্ষ্য, উদ্দেশ্য আগত ৰাখিয়েই যোৱা পোন্ধৰ বছৰৰ পূৰ্বতেই সন্মিলিত গণশক্তি,অসম দলৰ জন্ম হৈছে । -এই মন্তব্য জোনাইৰ বিধায়ক ভুবন পেগুৰ। আজি তেলাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত সন্মিলিত গণশক্তি,অসম দলৰ জোনাই ব্লক সমিতিৰ উদ্যোগত সদস্য ভৰ্তি অনুষ্ঠানত উপস্থিত থাকি গণশক্তিৰ সাধাৰণ সম্পাদক তথা জোনাইৰ বিধায়ক ভুবন পেগুৱে এইদৰে কয়।

গণশক্তিৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদকৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা আৰু গণশক্তিৰ জোনাই ব্লক সমিতিৰ সম্পাদক অতুল পেগুৱে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সদস্য ভৰ্তি অনুষ্ঠানত গণশক্তিৰ শীৰ্ষ নেতা তথা বিধায়কগৰাকীয়ে পুনৰ কয় যে অতি সম্প্ৰতি অসমত বিভিন্ন ধৰণৰ আঞ্চলিক দলৰ জন্ম হোৱাটোৱেই আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা যে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে তাকেই প্ৰতিফলিত কৰিছে।

ইতিমধ্যে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ডেৰ দশকজোৰা ৰাজনৈতিক অভিজ্ঞতা লাভ কৰা গণশক্তি দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত আগবাঢ়ি গৈ আছে বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নিৰ্বাচনলৈ গণশক্তি দলৰ সকলো দলীয় কৰ্মীক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানতে কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, কৃষক মুক্তিৰ এশপয়ষষ্ঠি গৰাকী দলীয় কৰ্মকৰ্তাই সন্মিলিত গণশক্তি,অসম দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে।

যোগদান কাৰ্যসূচীত মুৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী দলে,মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰাই, ববীকান্ত পেগু, গণশক্তিৰ নেতা মূলাকান্ত পেগু, তুলাৰাম মৰাং,অচ্যুত দলে,বিশ্ব দলে,পূৰ্ণ কাৰ্দং প্ৰমুখ্যে কেবাজনো গণশক্তিৰ নেতা উপস্থিত থাকে।

You might also like