নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ বিধায়ক দাসৰ বিৰুদ্ধে মুকলি ক্ষোভ

বৰপেটা সমষ্টিত বিশাল পৃষ্ঠাপ্রমুখ সন্মিলনত শক্তি প্রদর্শন বিজেপি

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ পূর্বে আজি বৰপেটা সমষ্টিত তৃণমুল পর্যায়ৰ বিজেপি কার্যকর্তাসকলে শক্তি প্রদর্শন কৰে৷ বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত আজি বৰপেটা সমষ্টিভিত্তিত বিজেপিৰ পৃষ্ঠাপ্রমুখ সন্মিলন অনুষ্ঠিত কৰি বৰপেটা বিধানসভা সমষ্টি দখলৰ কুচকাৱাজ চলায় বিজেপিৰ কার্যকর্তাসকলে৷ বিজেপি কর্মী আৰু পৃষ্ঠাপ্রমুখৰ উপস্থিতিত অনুষ্ঠিত বিশাল সন্মিলনখনত বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কার্যবাহী সদস্য গৌতম দাস, বিজেপিৰ এছ চি মর্চাৰ সভাপতি হৰেন দেউৰীকে ধৰি বৰপেটা জিলাৰ দলীয় নেতাসকলে অংশগ্রহণ কৰে৷ পৃষ্ঠাপ্রমুখ সন্মিলনত অংশগ্রহণ কৰি জিলা বিজেপিৰ প্রায় প্রতিগৰাকী নেতাই বৰপেটা সমষ্টিৰ মিত্রজোঁটৰ অগপ বিধায়ক গুণীন্দ্র নাথ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কার্যকালত বৰপেটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্রত অগপ বিধায়কজন ব্যর্থ হোৱা বুলি অভিযোগ তুলি ’২১ৰ নির্বাচনত বৰপেটা সমষ্টিটো অগপক এৰি দিয়াৰ বিৰোধিতা কৰি বৰপেটাত বিজেপি প্রার্থী প্রক্ষেপৰ দাবী জনায়৷

আনকি বৰপেটাত বিজেপিৰ প্রার্থী প্রক্ষেপ কৰাৰ বাবে ৰাজ্যিক সমিতিৰ লগতে ৰাষ্ট্রীয় সমিতিকো এই বিষয়ে অৱগত কৰিছে বুলি বিজেপিৰ বৰপেটা জিলা সমিতিয়ে ৰাজহুৱাভাৱে সদৰী কৰে৷ পৃষ্ঠাপ্রমুখ সন্মিলনত বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্র দাসে বটদ্রৱা সত্রৰ উন্নয়ন হোৱাৰ বিপৰীতে বৰপেটা সত্রৰ উন্নয়নৰ ক্ষেত্রত বিধায়কগৰাকী বিফল হোৱা বুলি অভিযোগ কৰে৷ বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসে অগপ বিধায়ক গুণীন্দ্র নাথ দাসে বিজেপিৰ কার্যকর্তাসকলক অৱজ্ঞা কৰা বুলি অভিযোগ কৰাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্রতো ব্যর্থ হোৱা বুলি অভিযোগ কৰে৷ পৃষ্ঠাপ্রমুখ সন্মিলনৰ জৰিয়তে বিজেপিয়ে বৰপেটাত ’২১ৰ ৰণডংকা বজোৱা বুলি ঘোষণা কৰি বিজেপিৰ জিলা সম্পাদক নৱকুমাৰ দাসে ’২১ৰ নির্বাচনত বৰপেটাত বিজেপিৰ বিজয় নিশ্চিত বুলিও দাবী কৰে৷ ভাষণ প্রসংগত মিত্রদল অগপৰ বিধায়কক কটাক্ষ কৰি তেওঁ কয় যে বৰপেটা সমষ্টিত বিজেপিক উলাই কৰি কোনো ৰাজনৈতিক দলে নির্বাচনী বৈতৰণী পাৰ হ’ব নোৱাৰে৷ বৰপেটাত বিজেপিৰ ভেটি এতিয়া শক্তিশালী৷ আনহাতে, কংগ্রেছ দলে সংখ্যালঘু ৰাইজক ভীতি প্রদর্শন কৰি ৰাজনীতি কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সংখ্যালঘু ৰাইজে এতিয়া সকলো কথা বুজি উঠিছে৷ এতিয়া সংখ্যালঘু ৰাইজো বিজেপিৰ পক্ষত আছে৷

You might also like