নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শীঘ্ৰে নিযুক্তি দিয়া হ’ব আদৰ্শ বিদ্যালয়সমূহতঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ টেট পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শীঘ্ৰে নিযুক্তি দিয়া হ’ব আদৰ্শ বিদ্যালয়সমূহত। এই আদৰ্শ বিদ্যালয়সমূহ চিবিএছই (CBSE) ৰ সৈতে সংযুক্ত কৰা হ’ব। ১ এপ্ৰিলৰ পূৰ্বে ৰাজ্যত নতুনকৈ ৫ খন আদৰ্শ বিদ্যালয় মুকলি কৰিব ৰাজ্য চৰকাৰে। জোনাইত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে আদৰ্শ বিদ্যালয়সমূহ ইংৰাজী মাধ্যমৰ হ’লেও অসমীয়া ভাষা বাধ্যতামূলক কৰা হ’ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৩ কোটি ২২ লাখ টকা মুকলি কৰি দিছে বিদ্যালয়সমূহৰ বাবে। আনহাতে বাকী ১ কোটি ৫ লাখ টকা দিব ৰাজ্য চৰকাৰে। শীঘ্ৰে এই বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব।

আজি জোনাইৰ লাইমেকুৰীত নতুনকৈ নিৰ্মাণ হোৱা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like